Local, Vocal, Global

kaziranga :মৰম আকলুৱা পৰী-ক্ৰিষ্টীৰ আদৰে দহিছে বাগৰি!

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী : চলিত বৰ্ষৰ ১২ জানুৱাৰী তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পোহনীয়া হাতী ভাদৈয়ে জন্ম দিয়ে এটা পোৱালি৷ বছৰৰ প্ৰথম ভাগতে ভাদৈয়ে জন্ম দিয়া কণমানি পোৱালিটোৰ মৰমতে মাউত সকলে নাম থ’লে পৰী ৷ জন্মৰ পাছৰে পৰা মাউতকেইজনৰ আদৰ যত্নত কণমাণি পৰী ক্ৰমে হৈ পৰিল চালে চকুৰোৱা৷

থোলোকা শৰীৰটো লৈ দিনৰ দিনটো মাকৰ আশেপাশে দৌৰা-ধপৰা কৰি থকা পৰিয়ে কমদিনতে আপোন কৰি পেলালে মাউতক৷ সেয়ে ২৩ দিন অতিক্ৰম কৰা পৰীৰ লগত ধেমালি কৰি মাউত সকলেও লাভ কৰে সুখানুভূতি৷

একেদৰে বিগত বৰ্ষৰ ২৫ ডিচেম্বৰত বাগৰি বনাঞ্চলত জন্ম হৈছিল এটা হাতী পোৱালি৷ খৃষ্টমাচৰ দিনা জন্ম হোৱাৰ বাবে পোৱালিটোৰ নাম দিয়া হয় ক্ৰিষ্টী৷ উল্লেখযোগ্য যে বাগৰি বনাঞ্চলত বৰ্তমান বিভাগীয় পোহনীয়া হাতীৰ সংখ্যা ১৮ টা৷ ইয়াৰে ভিতৰত ক্ৰিষ্টী আৰু পৰীক ধৰি পোৱালিৰ সংখ্যা ছটা৷

লগতে পঢ়ক :Manash Chaliha to be produced before CJM court today : আজি CJM আদালতত হাজিৰ কৰোৱা হ’ব মানস চলিহাক