Local, Vocal, Global

Forest Range Officer Caught Accepting Bribe : যোৰহাটত উৎকোচ লৈ গ্ৰেপ্তাৰ আঞ্চলিক বন বিষয়া ইকবাল আহমেদ

যোৰহাট,১৫জুন : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী(Forest Range Officer Caught Accepting Bribe in Jorhat)।

এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল আঞ্চলিক বন বিষয়া । যোৰহাটত উৎকোচ লৈ গ্ৰেপ্তাৰ আঞ্চলিক বন বিষয়া ।দুৰ্নীতি নিবাৰক শাখাৰ জালত আঞ্চলিক বন বিষয়া ইকবাল আহমেদ ।

যোৰহাট বনবিভাগক এক প্ৰকাৰ দুৰ্নীতিৰ সাম্ৰাজ্যত পৰিণত কৰা আঞ্চলিক বনবিষয়া তথা ৰেঞ্জাৰ ইকবাল আহমেদক আজি নগদ ধন সহ হাতে লোটে আটক কৰে দুনীৰ্তি নিৰ্বাৰক আৰু তদাৰকী শাখাই। এজন ব্যক্তি পৰা ১ লাখ ৩০ হাজাৰ টকা লোৱাৰ সময়তে ৰেঞ্জাৰ ইকবাল আহমেদক দুনীৰ্তি নিবাৰক আৰু তদাৰকী শাখাই হাতে-লুটে ধৰা পেলায় গ্ৰেপ্তাৰ কৰে।

এই গৰাকী দুনীৰ্তিগ্ৰস্থ ৰেঞ্জাৰ দুনীৰ্তি নিৰ্বাৰক আৰু তদাৰকী শাখা জালত পৰা লগে লগে যোৰহাট বনবিভাগৰ একাংশ লোক উফুল্লিত হৈ পৰা লগতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে যোৰহাট বনবিভাগৰ ভিতচৰাত(Forest Range Officer Caught Accepting Bribe )।

লগতে পঢ়ক : Road Accident in Dergaon : দ্ৰুতবেগী বাইকৰ প্ৰচন্দ খুন্দা ১১ হেজাৰ ভল্ট বিদ্যুৎ পৰিবাহী খুটাত;নিহত দুজন