Local, Vocal, Global

অসম-নাগালেণ্ড সীমান্তত বন জুইৰ বিধ্বংসী ৰূপ! ৫ দিনে ধৰি জ্বলি আছে বনাঞ্চল

নিউজ ডেস্ক, ১১ মাৰ্চ : চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ অন্তৰ্গত অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন জুয়ে লৈছে ক্ৰমাৎ ভয়াৱহ ৰূপ। বিগত ৫ দিন ধৰি দাওদাওকৈ জ্বলি থকা জুই বৰ্তমান বিয়পি পৰিছে জিলা খনৰ সীমান্তৱৰ্ত্তী চিংলু পাহাৰলৈ। আৰু জুই নিৰ্বাপন কৰিব নোৱৰাত আতংকিত হৈ পৰিছে গ্ৰামাঞ্চলৰ ৰাইজ । স্হানীয় ৰাইজে প্ৰকাশ কৰা মতে নগা দুষ্কৃতিকাৰীয়ে বনাঞ্চলৰ ভূমি দখল কৰিলেগৈ সংযোগ কৰিছে এই অগ্নি । বৃহস্পতিবাৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ঘটনা স্হলিত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ লগত যোগাযোগ কৰি শীঘ্ৰেই অগ্নি নিৰ্বাপকৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।