Local, Vocal, Global

Forest department raid :নগৰবেৰাৰ দুটাকৈ স্থানত বন বিভাগৰ অভিযান

নগৰবেৰা,২২জানুৱাৰী : নগৰবেৰাৰ দুটাকৈ স্থানত বন বিভাগৰ অভিযান। নগৰবেৰাৰ যোগীপাৰা আৰু পলাহৰটাৰীত পৃথকে পৃথকে চলিল বন বিভাগৰ অভিযান।

অভিযানত জব্দ চালান বিহীন বালি কঢ়িয়াই নিয়া এখন ডাম্পাৰ আৰু অবৈধভাৱে মাটি কাটি থকা এখন জেচিবি আৰু ট্ৰেক্টৰ(Forest department raid)।

বামুনিগাওঁ বন সুৰক্ষা বাহিনীয়ে চলাই এই অভিযান(Forest department raided two places in Nagarbera)।

অভিযানকাৰী দলটোয়ে প্ৰথমে যোগীপাৰাৰ পৰা AS25FC5131 নম্বৰৰ বালি ভৰ্তি ডাম্পাৰ খন জব্দ কৰে। তাৰ পাছতে পলাহৰটাৰী গুলিৰভিটাৰ পৰা জব্দ কৰে ML13 2498 নম্বৰৰ জেচিবি আৰুএখন নম্বৰবিহীন ট্ৰেক্টৰ।

জব্দকৃত গাড়ীকেইখন অভিযানকাৰী দলটোয়ে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ আনে।

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা নগৰবেৰা বন সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত একাংশই চলাই আছে অবৈধ মাটি খনন আৰু বালিৰ মুকলি বেহা।

লগতে পঢ়ক :Aquilaria malaccensis tree : পূব যোৰহাটৰ কাকজানত সাঁচি গছ চুৰি;চি চি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য