Local, Vocal, Global

Forest Department Captures Leopard in Margherita: অৱশেষত পিঞ্জৰাবদ্ধ হ’ল দীৰ্ঘদিনৰ পৰা বৰগোলাইত সন্ত্ৰাস চলাই অহা বনৰজা

নিউজ ডেস্ক,৯ডিচেম্বৰ : অৱশেষত পিঞ্জৰাবদ্ধ হ’ল বনৰজা।দীৰ্ঘদিনৰ পৰা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ বৰগোলাইত চলাই আহিছিল সন্ত্ৰাস। বাঘৰ সন্ত্ৰাসত নিদ্ৰাহৰণ হৈছিল সাধাৰণ ৰাইজৰ । বৰগোলাইৰ তেলখাদ বস্তিত প্ৰায় এবছৰ ধৰি বাঘৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছিল গঞাই(Forest Department Captures Leopard in Margherita) ।

বনৰজাই পোহনীয়া জীৱ-জন্তু খাই একপ্ৰকাৰে উক্ত অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে । সমান্তৰালভাৱে বিগত সময়ত বাঘৰ আক্ৰমণত এগৰাকী স্কুলীয়া ছাত্ৰীও গুৰুতৰভাৱে আহত হৈছিল । তাৰ পাছতে বন বিভাগে বাঘটো আবদ্ধ কৰিবৰ বাবে পিঞ্জৰা পাতিছিল । অৱশেষত দেওবাৰে নিশা বাঘটো পিঞ্জৰাত আবদ্ধ হয় । বনৰজা পিঞ্জৰাবদ্ধ হোৱাৰ পাছতে ওচৰৰ পৰা চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটোক উক্ত স্থানৰ পৰা লৈ যোৱাৰ যো-জা কৰিছে ৷

লগতে পঢ়ক :Drugs peddler arrested along with drugs:জালুকবাৰী আৰক্ষীৰ জালত ড্ৰাগছসহ ২ সৰবৰাহকাৰী