WATCH | Foreign Minister S.Jaishankar visits Kaziranga National Park: আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে
নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে। পুৱাই ৪৩খন দেশৰ ৬৪ গৰাকী প্ৰতিনিধিৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰে বিদেশ মন্ত্ৰীগৰাকীয়ে।
পুৱা কহঁৰা বনাঞ্চলত হাতী আৰু জীপ ছাফাৰী কৰে দলটোৱে। ২৬খন জীপছী, ১৫টা হাতীৰে কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰে বিদেশ মন্ত্ৰীৰ লগতে প্ৰতিনিধি দলটোৱে। দলটোক সংগ দিলে মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই। কাজিৰঙাৰ মনোমোহা দৃশ্য দেখি অভিভূত হৈ পৰে তেওঁলোক(Foreign Minister S. Jaishankar visits Kaziranga National Park)।
উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়া বিশেষ বিমানযোগে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয়হি দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ। বিদেশ মন্ত্ৰীগৰাকীৰ লগত আহিছে ৪৩খন দেশৰ ৬২ গৰাকী প্ৰতিনিধি।
লগতে পঢ়ক:WATCH | Teok News: মেলেঙত অসম খিলঞ্জীয়া দিৱস উদযাপন