Local, Vocal, Global

Watch | Foreign cigarettes worth lakhs of rupees seized in Lamding: লামডিঙত লাখ লাখ টকাৰ বিদেশী সিগাৰেট জব্দ

শিলচৰ: লামডিঙৰ ৰেলৱে পথ তথা ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথ এতিয়া নিষিদ্ধ সামগ্ৰী সৰৱৰাহৰ মূল পথ হৈ পৰিছে ৷ শিলচৰ-লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত শুল্কবিভাগ আৰু লামডিং আৰক্ষীৰ যৌথ অভিযান৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট৷

শিলচৰৰ সোণাৰী হাটৰ পৰা গুৱাহাটীলৈ সৰৱৰাহ কৰাৰ সময়তে লামডিঙত জব্দ হয় ৷ অভিযানত AS 01 MC 8831 নম্বৰৰ এখনি ট্ৰাকেৰে সৰৱৰাহ কৰিছিল বাৰ্মাৰৰ চিগাৰেট ৷ অভিযানত আৰক্ষীয়ে ৰাহন হুছেইন লস্কৰৰ নামৰ ট্ৰাক চালক সহ ৪৮০টা বিদেশী চিগাৰেটৰ বাকচ জব্দ কৰে ৷জব্দকৃত চিগাৰেটখিনৰ বজাৰমূল্য প্ৰায় ৮ লাখ টকাৰো অধিক হ’ব বুলি জানিবলৈ দিছে ৷