Foreign cigarettes seized in Lumding : লামডিং ৰে’লৱে জংচনত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট

নিউজ ডেস্ক,১৫জুন : পুনৰ লামডিং ৰে’লৱে জংচনত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট ৷ শুকুৰবাৰে লামডিং আৰ পি এফে চি আই বি দলে অভিযান চলাই জব্দ কৰে বিদেশী চিগাৰেট।
জানিব পৰা মতে, সদা সষ্টম লামডিং আৰ পি এফৰ চি আই বি দলে শুকুৰবাৰে ১৩১৭৬ নামনিমুৱা শিয়ালদাহ-শিলচৰ কাঞ্চনজঙ্গা এস্কপ্ৰেছৰ B1 এচি ডবাত অভিযান চলাই । অভিযানত জব্দ কৰে ৪৬৮০ পেকেট বিদেশী চিগাৰেট(Foreign cigarettes seized in Lumding)।
লগতে বিদেশী চিগাৰেটখিনি কঢ়িয়াই অনা দুই সৰবৰাহকাৰীক আটক কৰে। আটকাধীন সৰৱৰাহকাৰী দুজন ক্ৰমে কেৰালাৰ জিচাদ এ কে আৰু হৰিছ ভী বুলি জানিব পৰা গৈছে ৷
জব্দকৃচ বিদেশী চিগাৰেটখিনি সৰবৰাহতাৰী দলটোৱে শিলচৰৰ পৰা কেৰেলালৈ সৰবৰাহৰ চেষ্টা কৰিছিল। জব্দ কৰা বিদেশী চিগাৰেটখিনিৰ বজাৰমূল্য আনুমানিক ৯ লাখ টকা হ’ব বুলি জানিব দিয়ে ৷