Local, Vocal, Global

Foreign Cigarette Seized in Barapujia : বাৰপুজিয়াত জব্দ বিদেশী চিগাৰেট

নিউজ ডেস্ক, ১৭ মাৰ্চ : ৰাজ্যত পুনৰ জব্দ বিদেশী চিগাৰেট ।

শনিবাৰে নিশা বাৰপুজিয়াত মিকিৰভেটা আৰক্ষী আৰু নিৰ্বাচনী স্পেচিয়েল চাৰ্ভিচ টিমৰ যুটীয়া অভিযান চলাই। অভিযানত আৰক্ষীয়ে জব্দ কৰে বিদেশী চিগাৰেট। জব্দকৃত চিগাৰেটখিনিৰ মূল্য কেইবা লক্ষাধিক টকা(Foreign Cigarette Seized in Barapujia)

জানিব পৰা মতে, জব্দকৃত চিগাৰেট খিনি ইণ্ডোনেছিয়াৰ।

নগাঁও দিশৰ পৰা AS02CC 8288 নম্বৰ ট্ৰাক খনৰে কঢ়িয়াই আনিছিল বিদেশী চিগাৰেটখিনি।আৰক্ষীয়ে চিগাৰেটখিনি কঢ়িয়াই অনা ইয়াচীন আহমেদ নামৰ টেলাহী নাৰমাৰীৰ যুৱক এজনক আটক কৰিবলৈ সক্ষম হৈছে(Foreign Cigarette Seized in Barapujia)।

লগতে পঢ়ক : 15-Year-Old School girl Missing In Barpeta: ১৪ মাৰ্চৰ পৰা সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰী