Local, Vocal, Global

Forecast of Meteorological Centre : ৰাজ্যত আহিব মূষলধাৰ বৰষুণ

নিউজ ডেস্ক,৭ জুলাইঃ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজহুৱা কৰিছে আগন্তুক দিনত ৰাজ্যৰ বতৰ সন্দৰ্ভত। টুইটযোগে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে অহা ৮ আৰু ৯জুলাইত অসমত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। 

অসম আৰু মেঘালায়ত উল্লেখিত দুয়োটা দিনত ৬৪.৫ৰ পৰা ১১৫.৫ মিলি মিটাৰ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে । (Assam and Meghalaya are likely to receive 64.5 to 115.5 mm of rainfall on both the days mentioned) ইয়াৰোপৰি ৮জুলাইৰ দিনটোত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰ তথা অতি বৃষ্টি হোৱাৰ সম্ভাৱনা আছে।এই কেইখন ৰাজ্যত অসমৰ তুলনাত বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যতে বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। (The Meteorological Centre has issued an orange alert in most of the northeastern states, including Assam.) একেদৰে অৰুণাচল প্ৰদেশত ৮ৰ পৰা ১০ জুলাইলৈকে মূষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। অৰুণাচলত বৰষুণৰ পৰিমাণ হ’ব পাৰে ১১৫ৰ পৰা ২০৪ মিলি মিটাৰ।

উল্লেখযোগ্য যে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি পশ্চিম উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পূব উত্তৰপ্ৰদেশ আদি অঞ্চলতো ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা সম্পৰ্কে আগলি বতৰা প্ৰকাশ কৰিছে। এই আটাইকেইখন ৰাজ্যতে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

লগতে পঢ়কঃ Ronoj Pegu’s announcement:২০ শতাংশতকৈ কম উপস্থিত থকা শিক্ষকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা