কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত ফুটবল তাৰকা বাইচুং ভূটীয়া

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ঢেকীয়াপতীয়া বাঘ বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত ফুটবল তাৰকা বাইচুং ভূটীয়া।
তিনিদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে পত্নী-সন্তানসহ অৱসৰ বিনোদন ভাৰতীয় ফুটবল তাৰকা বাইচুং ভূটীয়া।
মঙলবাৰে কাজিৰঙাৰ বাগৰী বনাঞ্চল পৰিদৰ্শন কৰাৰ পিছত বুধবাৰে চেণ্ট্ৰেল ৰেঞ্জ কহঁৰা পৰিদৰ্শন কৰে বাইচুং ভূটীয়া আৰু তেঁওৰ পৰিয়ালবৰ্গই।
তৃতীয় বাৰৰ বাবে কাজিৰঙা দৰ্শনৰ বাবে অহা ফুটবলাৰগৰাকীয়ে এইবেলি গঁড়, হাতী, ঈগলকে আদি কৰি বিভিন্ন চৰাই দৰ্শন কৰে যদিও বাঘ দেখাৰ সৌভাগ্য হোৱা নাই বুলি মন্তব্য কৰে বাইচুং ভূটীয়াই।
উল্লেখ্যে যে নুমলীগড় শোধনাগাৰত থকা ফুটবল ষ্টেডিয়াম আৰু একাডেমী পৰিদৰ্শনৰ বাবে আমন্ত্ৰণক্ৰমে আহিছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ফুটবলাৰগৰাকীয়ে।
ইপিনে অসমৰ খেলুৱৈৰ সংখ্যা ISL ৰ দৰে টুৰ্ণামেন্টত বৃদ্ধি হোৱাত সন্তোষ প্ৰকাশ কৰে ভূটীয়াই। তদুপৰি পৰৱৰ্তী সময়ত অসমৰ পৰা আৰু অধিক প্ৰতিভাৱান খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব বুলি আশাবাদী ফুটবলাৰগৰাকী।