Local, Vocal, Global

Food poisoning in Sipajhar : খাদ্যত বিষক্রিয়া;অসুস্থ ১৫জন লোককৈ লোক

ছিপাঝাৰ,২৬ আগষ্ট : খাদ্যত বিষক্রিয়া । অসুস্থ ১৫জন লোককৈ লোক ।

ছিপাঝাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত খাদ্যত বিষক্রিয়া হৈ ভৰ্তি প্ৰায় ১৫জন লোক(Food poisoning in Sipajhar) ।

জানিব পৰা মতে, বড়িচৌকা অঞ্চলৰ এটা পৰিয়ালত বিশেষ অনুষ্ঠান আছিল । অনুষ্ঠানত চিৰা-দৈ খাই একাংশ লোক অসুস্থ হৈ পৰে । বিশেষকৈ শৌচ,বমি, পেটৰ বিষ আদি লক্ষণে দেখা দিয়া লোককেইজনৰ মাজত ।

জ্বৰ-বমিত আক্ৰান্ত হৈ চিকিৎসালয়ক ভৰ্তি হয় প্ৰায় ১২জনকৈ ব্যক্তি(Food poisoning in Sipajhar)।

আনহাতে একে অঞ্চলৰে এটি পৰিয়ালৰ প্ৰায় ৩গৰাকী সদস্য আলহী ঘৰত খাদ্য গ্ৰহণ কৰি জ্বৰ-বমিত আক্ৰান্ত হয়। আক্ৰান্ত আটাইকেইজনকে পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰোৱা হয় ।আক্ৰান্ত লোকসকলৰ মাজত দুটি শিশুও আছে

আক্ৰান্ত লোকসকলৰ মাজত দুটি শিশু আৰু দুজন লোকক উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Elephant menace in Kaliabor : কলিয়াবৰত অব্যাহত আছে হাতী সন্ত্ৰাস