Food poisoning in Sarupathar: খাদ্যত বিষক্রিয়া ! সকামৰ জলপান খাই অসুস্থ ৪১ গৰাকীকৈ লোক

নিউজ ডেস্ক,২০অক্টোবৰ : খাদ্যত বিষক্রিয়া।অসুস্থ ৪১ গৰাকীকৈ লোক। সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাট পাঁচঘৰীয়া গাঁৱত চাঞ্চল্যকৰ ঘটনা।পাঁচঘৰীয়া গাঁৱত সকামৰ জলপান খাই বিষক্ৰিয়া ।
জানিব পৰা মতে,শনিবাৰে উৰিয়ামঘাট পাঁচঘৰীয়া গাঁৱৰ পুস্প গগৈৰ ঘৰত মাতৃৰ সকামত পাতিছিল । সকাম খাবলৈ আহিছিল উৰিয়ামঘাট, পাঁচঘৰীয়া, নাওজানৰ কৈৰিগাঁও, বৰপথাৰ, দয়ালপুৰ, তুৰুংগাঁও, আদি বিভিন্ন গাঁৱৰ লোক তথা আত্মীয় স্বজন।
পুস্প গগৈৰ ঘৰত শনিবাৰে মাতৃৰ সকামত জলপান খোৱাৰ পিছতে শৌচ, বমি, পেটৰ বিষ, মূৰৰ বিষ আদিত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে ৪১ জনকৈ ব্যক্তি। অসুস্থ লোককেইজনক সৰুপথাৰ সমূহীয়া চিকিৎসালয়, উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত বৰ্তমানলৈকে ২২ গৰাকী চিকিৎসাধীন হৈ আছে।আক্ৰান্ত লোকসকলৰ ভিতৰত ২২ জন সৰুপথাৰত, ১৮ জন উৰিয়ামঘাটত আৰু ১ জনক উন্নত চিকিৎসাৰ কাৰণে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে(Food poisoning in Sarupathar)।
আক্ৰান্তসকলৰ খবৰ লবলৈ সৰুপথাৰ সমূহীয়া চিকিৎসালয়ত উপস্থিত হয় বিধায়ক বিশ্বজিৎ ফুকন৷ চিকিৎসা বিভাগক উন্নত চিকিৎসা আৰু প্ৰশাসনক ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ বিধায়কৰ।
লগতে পঢ়ক :Man allegedly kills wife: শাহু আৰু পুত্ৰৰ সমুখত দাৰে ঘপিয়াই হত্যা পত্নীক