Food poisoning case in Sonitpur : খাদ্যত বিষক্ৰিয়া হৈ একেটা পৰিয়ালৰ পাঁচজনকৈ লোক অসুস্থ,মৃত্যু এজনৰ
নিউজ ডেস্ক,১৩জুন : খাদ্যত বিষক্ৰিয়া ।মৃত্যু এগৰাকী কিশোৰীৰ ।
শোণিতপুৰ জিলাৰ ৰঙাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।ৰঙাপাৰাত খাদ্যত বিষক্ৰিয়া হৈ একেটা পৰিয়ালৰ পাঁচজনকৈ লোক অসুস্থ।অসুস্থ লোকসকলৰ ভিতৰত এগৰাকী কিশোৰীয়ে চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোঁৱালি লয়।
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ৯ জুনত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি চাহ বাগিচাৰ ১৭ নং শ্ৰমিক লাইনৰ নিৱাসী হৰেন ভূমিজে বজাৰৰ পৰা মুৰ্গী আৰু মাছ ক্ৰয় কৰি আনিছিল। মুৰ্গী মাংস আৰু মাছৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছতে হঠাৎ পাঁচজনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে(Food poisoning case in Sonitpur)।
ইফালে বৰজুলি চাহ বাগিচাৰ হৰেন ভূমিজ, তেঁওৰ পত্নী অস্তমি ৰাজগড়, কন্যা প্ৰীতি ভূমিজ, ৰিতা ভূমিজ আৰু বিভা ভূমিজৰ অতিপাত শৌচ হ’বলৈ ধৰাত নিশাই আটাইকেইজনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা পৰিয়াটোৰ ১৩ বছৰীয়া কনিষ্ঠ কন্যাই বৃহস্পতিবাৰে অকাল মৃত্যুক সাৱতি লয়।
খাদ্যত বিষক্ৰিয়া হৈ এটা চাহ শ্ৰমিকৰ পৰিয়ালৰ এগৰাকী কিশোৰীৰ মৃত্যু হোৱাৰ পাছত আজি ৰঙাপৰা বৰজুলি চাহ বাগিচাৰ ১৭ নং লাইনত তেজপুৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গৰাকী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়(Food poisoning case in Sonitpur)।
তাৰোপৰি স্বাস্থ্য বিভাগৰ দলটোৱে মৃত বিভা ভূমিজৰ শৌচ আৰু তেজৰ নমুনা সংগ্ৰহ কৰে ৷ ঘটনাস্থলীত ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডা° ভাস্কৰ জ্যোতি কাকতি চাহ বাগিচাখনত উপস্থিত হয়।
লগতে পঢ়ক : Over 86 dead in latest Congo boat accident : ভয়ংকৰ নাও দুৰ্ঘটনা;নিহত ৮৬গৰাকীকৈ যাত্ৰী