WATCH | Food poisoning case in Dibrugarh : খাদ্যৰ বিষক্ৰিয়া হৈ ৫০ জনতকৈও অধিক লোক চিকিৎসাধীন

ডিব্ৰুগড়,১মে’ : টেঙাখাত প্ৰাথমিক চিকিৎসালয়লৈ বৈছে ৰোগীৰ সোঁত । খাদ্যৰ বিষক্ৰিয়া হৈ ৫০ জনতকৈও অধিক লোক চিকিৎসাধীন । টেঙাখাতৰ পাৰ্বতিপুৰ চাহবাগিচাৰ এখন বিয়াৰ খাদ্য খাই এই বিষক্ৰিয়া হোৱাৰ সন্দেহ(Food poisoning case in Dibrugarh)।
বিয়াৰ ঘৰত গাহৰি-ব্ৰইলাৰ মাংস, মাছ আদি খাদ্য খোৱা হৈছিল বুলি জানিবলৈ দিয়ে । শিশুৰ পৰা প্ৰাপ্তবয়স্ক লোকৰ লৈকে এই বিষক্ৰিয়াই দেখা দিয়ে । বিষক্ৰিয়াৰ ফলত শৌচ, বমি, জ্বৰ, গাৰ বিষে দেখা দিয়ে লোক সকলৰ । বৰ্তমানেও আৰু ৰোগী চিকিৎসালয়লৈ আহি থকাৰ কথা অৱগত কৰে ।
কিয় আৰু কেনেকৈ এই বিষক্ৰিয়াৰ ঘটনা সংঘটিত হ’ল এতিয়াও সঠিক কাৰণ জানিব পৰা হোৱা নাই । ই ৰহস্যৰ আৱৰ্তত । এতিয়ালৈ এই ঘটনা সন্দৰ্ভত কোনো আৰক্ষী প্ৰশাসন অৱগত নহয় বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : WATCH | Panchayat Election : জেছমিন চুলতানাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত