Local, Vocal, Global

Food poisoning case in Dhemaji : নাম প্ৰসংগৰ বুটমাহ খাই অসুস্থ দুই শতাধিক লোক

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : খাদ্যত বিষক্ৰিয়া । অসুস্থ দুই শতাধিকতকৈ অধিক লোক ।

মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ বেঙেনাগড়া অঞ্চলৰ দক্ষিণ ডুমকটা গাঁৱত সংঘটিত হৈছে অঘটন। শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনাটো ।

জানিব পৰা মতে,দক্ষিণ ডুমকটা গাঁৱত বছেৰেকীয়া নাম প্ৰসংগৰ অনুষ্ঠানত বুটমাহ খাইছিল অঞ্চলটোৰ দুই শতাধিকতকৈ অধিক লোকে ৷ নাম প্ৰসংগ অনুষ্ঠানৰ পিছত নিশা প্ৰায় ১২ বজাত ৰাইজে বুটমাহৰ প্ৰসাদ খায়। নাম ঘৰৰ পৰা প্ৰসাদ খাই ঘৰলৈ যোৱা পিছৰ পৰাই জ্বৰ,বমি,মূৰ-বিষ,পায়খানা আৰু পেটৰ বিষত হাহাকাৰ অৱস্থা হয়৷

অসুস্থ একাংশ লোকক নিশা ততাতৈয়াকৈ চিচি মডেল হাস্পতালত আৰু আন একাংশক ধেমাজি অসামৰিক চিকিৎসালয়ৰলৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে মাছখোৱা আৰু ধেমাজিৰ দুয়ো স্থানতে মুঠ দুই শতাধিকতকৈ অধিক লোক চিকিৎসাধীন হৈ আছে(Food poisoning case in Dhemaji)৷

জিলাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ যোগেন দাসৰ পৰা পোৱা তথ্য মতে ইতিমধ্যে ১৫১ জনকৈ লোক চিকিৎসাধীন হৈ আছে যদিও বৰ্তমানে ধেমাজি অসামৰিক চিকিৎসালয়ত ৩ ৰ পৰা ৬ বছৰীয়া শিশুৰ সংখ্যা ৭। লগতে ৪ গৰাকী গৰ্ভৱতী মহিলাসহ মুঠ ৫০ গৰাকীতকৈ অধিক লোক চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, ৰোগী কেইজন বৰ্তমান সংকটমুক্ত ৷

লগতে পঢ়ক :Road Accident in Bokakhat: চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতে নিহত দুজন