Local, Vocal, Global

Food poisoning : বিবাহৰ অভ্যৰ্থনাৰ খাদ্য খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন শিশুসহ ৫ গৰাকী মহিলা

নিউজ ডেস্ক,১১মে’ : খাদ্যত বিষক্ৰিয়া । অসুস্থ শিশুসহ ৫ গৰাকী মহিলা ।

বোকাখাতত সংঘটিত অঘটন । বোকাখাতত খাদ্যত বিষক্ৰিয়াৰ ৷ বিবাহৰ অভ্যৰ্থনাৰ খাদ্য খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন শিশুসহ ৫ গৰাকী মহিলা(Food poisoning) ৷

জানিব পৰা মতে, বোকাখাত পৌৰসভাৰ ৩নং ৱাৰ্ডৰ ৰবি দাস নামৰ ব্যক্তিগৰাকীৰ কন্যাৰ যোৱা ৯ মে’ৰ বিবাহৰ অভৰ্থনা অনুষ্ঠিত হৈছিল। সেই অভ্যৰ্থনা অনুষ্ঠানৰ খাদ্যত বিষক্ৰিয়াৰ ফলত এটি শিশুসহ ৫ গৰাকী মহিলা বিষক্ৰিয়াত আক্ৰান্ত হয়।

বৰ্তমান বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আটাইকেইগৰাকী৷ আক্ৰান্তসকলৰ প্ৰথমে পেট খামুচি ধৰাৰ পিছতে ঘনাই শৌচ কৰা আৰম্ভ হয়৷ উপায়ন্তৰ হৈ আক্ৰান্তসকল ১০ মে’ত বোকাখাত চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগা হয়৷ বৰ্তমান চিকিৎসাধীনসকল কিছু পৰিমাণে সুস্থ হৈছে যদিও চিকিৎসালয়তে ভৰ্তি হৈ আছে৷

চিকিৎসা বিষয়াগৰাকীয়ে জনোৱা মতে, বিবাহ অভ্যৰ্থনাত আৰু লোক আক্ৰান্ত হৈছিল যদিও সেইসকল ঘৰতে থাকি নিজকে সুস্থ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : BJP leader G Devaraje Gowda arrested in sexual assault case : যৌন নিৰ্যাতনৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে