Local, Vocal, Global

Fog Grips Delhi-NCR as Temperature Dips : ক্ৰমাত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ; ৮ জানুৱাৰীলৈ বন্ধ বিদ্যালয়

নেশ্যনেল ডেস্ক, ৩ জানুৱাৰী : ক্ৰমাত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে উত্তৰ-ভাৰতত । বুধবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কয় যে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱকে ধৰি দিল্লী এনচিআৰত ঘন কুঁৱলী অধিক হ’ব(Fog Grips Delhi-NCR as Temperature Dips) ।

বতৰ বিভাগৰ তথ্য অনুসৰি বুধবাৰে দিল্লীৰ নূন্যতম উষ্ণতা ৬-৯ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। উত্তৰ ভাৰতত বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাত ৫ জানুৱাৰীলৈকে শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিভাগৰ মতে, ৰাষ্ট্ৰীয় ৰাজধানীত পূৰ্বৰ দিনটোত ঘনৰ পৰা মধ্যমীয়া কুঁৱলী দেখা গৈছিল আৰু বায়ুৰ গুণাগুণ ‘অতি দুৰ্বল’ শ্ৰেণীত আছিল। কিন্তু বুধবাৰে পুৱা দিল্লীত দৃশ্যমানতা ৫০০ মিটাৰ হোৱাত অগভীৰ কুঁৱলীৰ উপস্থিতিৰ ইংগিত পোৱা গৈছে(Fog grips Delhi-NCR as Temperature Dips, Cold Wave in North India Till Jan 5)।

আজি ভাৰতীয় ৰে’লৱেই জনোৱা মতে, মহানগৰীত কুঁৱলীৰ উপস্থিতিৰ মাজতে দিল্লী অভিমুখী ২৬খন ৰে’ল পলম হৈছে ৷ উত্তৰ প্ৰদেশৰ নয়ডা আৰু বৃহত্তৰ নয়দাত জিলাখনৰ ভয়াৱহ ঠাণ্ডা বতৰৰ বাবে অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে ৬ জানুৱাৰীলৈকে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে।

বতৰ বিভাগে জনোৱা মতে, ২ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ কিছু অংশত নিশা আৰু ৰাতিপুৱাৰ সময়ত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ পৰিস্থিতিৰ সম্ভাৱনা আছে ।

একেদৰে ৩ আৰু ৪ জানুৱাৰীত ৰাজস্থানৰ কিছুমান অঞ্চলত পুৱাৰ ভাগত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ পৰিস্থিতিৰ সম্ভাৱনা আছে, লগতে ৩ জানুৱাৰীত উত্তৰ মধ্যপ্ৰদেশৰ শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।৩ জানুৱাৰীত পঞ্জাৱ আৰু হাৰিয়ানাৰ বহু ঠাইত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে আইএমডিৰ মতে, মঙলবাৰে সন্ধিয়া কুঁৱলীৰ বাবে অঞ্চলবোৰত দৃশ্যমানতা হ্ৰাস পায়। উত্তৰ প্ৰদেশৰ বৰেলীয়ে সৰ্বনিম্ন দৃশ্যমানতা ২৫ৰেকৰ্ড কৰে। ঘন কুঁৱলী তেতিয়া হয় যেতিয়া দৃশ্যমানতা ০ ৰ পৰা ৫০ মিটাৰৰ ভিতৰত হয়। ৫১ ৰ পৰা ২০০ মিটাৰ “ঘন”, ২০১ ৰ পৰা ৫০০ মিটাৰ “মধ্যমীয়া”, আৰু ৫০১ ৰ পৰা ১০০০ মিটাৰ ‘অতি ঘন’ কুঁৱলী হয়।

আনাহাতে এইবাৰ অসমৰ ঠাণ্ডাৰ প্ৰকোপ কম দেখা নাই। অন্যবাৰৰ তুলনাত এইবাৰ শীতৰ আগমন দেৰিকৈ হোৱাৰ সমান্তৰালভালে ঠাণ্ডাৰ প্ৰকোপ কম দেখা যায়।

লগতে পঢ়ক : Death toll from 7.5 magnitude rises to 57 : জাপানত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি; উদ্ধাৰ অভিযান অব্যাহত