মাজুলীত আকৌ এবাৰ ফুলিল পদুম ফুল ! ৫ টা ৰাউণ্ডৰ ভোট গণনা সমাপ্ত
নিউজ ডেস্ক, ১০ মাৰ্চ : মাজুলীত অন্ত পৰিল পঞ্চম ৰাউণ্ডৰ ভোট গণনা প্ৰক্ৰিয়া । পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ভূৱন গামে লাভ কৰিছে ২৭,০০৬ ভোট। অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে ১০,১৭৩ টা ভোট লাভ কৰিছে। এছ ইউ চি (কমিউনিষ্ট) ভাইটি ৰিচঙে ৬৯৮ টা ভোট লাভ কৰিছে। আনহাতে লক্ষণীয় কথাটো হ’ল যে ভোট গণনাৰ অন্তত নোটাত ৬৬৬ টা ভোট পৰিছে।