WATCH | Floods in Mankachar : মানকাচৰত বছৰৰ প্ৰথমটো বানৰ তাণ্ডৱ
হাটশিঙিমাৰী,২১মে’ : মানকাচৰত বছৰৰ প্ৰথমটো বানৰ তাণ্ডৱ।
যোৱা দুদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰত উটুৱাই নিলে পথ,ঘৰ দুৱাৰ।
ফলত জিলাখনৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত কৃষকৰ বিস্তৰ ক্ষয়-ক্ষতি হয়(Floods in Mankachar)।
কৃষকৰ ইৰি ধান পানীৰ তলত ডুবি যোৱাৰ ফলত মুৰে কপালত হাত দিব লগা হৈছে কৃষকে ।
ইফালে মানকাচৰৰ সাদুল্ল্যাবাৰী পাহাৰ তলিত মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে এটা পৰিয়ালত নামি আহিছে কাল অমানিশা।
নিজৰ ভেটি মাটি থকাৰ পিছতো নিজৰ আপোন ঘৰখন এনেদৰে ভাঙি লৈ গৈছে নিৰাপদ স্থানলৈ।