Libya floods : বানে সংহাৰী ৰূপ লৈছে লিবিয়াত ;এই পৰ্যন্ত ৬০০০ৰো অধিক লোকৰ মৃত্যু
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ছেপ্টেম্বৰ : ৰুষ্ট প্ৰকৃতিৰ ৰোষত উত্তৰ আফ্ৰিকাৰ লিবিয়া(Libya floods) । বানে সংহাৰী ৰূপ লৈছে লিবিয়াত । তথ্য অনুসৰি এই পৰ্যন্ত লিবিয়াত ৬০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ লগতে আহত হৈছে বহু লোক । মৃতকৰ সংখ্যা বৰ্তমানলৈ বৃদ্ধি পাইছে(Libya floods death toll surpasses 6000 as bodies continue to wash ashore) ।
উল্লেখ্য যে, লিবিয়াৰ একাংশ শ্ৰমিকৰ মতে, এই দুৰ্যোগৰ ফলত আহত হোৱা লোকক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও বহু লোকে এতিয়াও উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে(Over 6000 killed more than 30000 displaced after devastating floods wreak havoc in Libya) ৷
ইজিপ্তৰ প্ৰব্ৰজন মন্ত্ৰালয়ৰ মতে, লিবিয়াত মৃত্যু হোৱা ৮৭ জন ইজিপ্তৰ লোকক সমাধিস্থ কৰিছে চৰকাৰে । বিভাগীয় কৰ্তৃপক্ষই সন্দেহ কৰিছে যে বৰ্তমানলৈ ১০০০০ লোক নিৰুদ্দেশ হৈ আছে ৷ এই লোকসকল সাগৰৰ বালিত অথবা মহানগৰখনৰ ধ্বংসাৱশেষৰ তলত পুঁত যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।
লিবিয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই (IOM) প্ৰকাশ কৰা তথ্য অনুসৰি, ডেৰ্নাত হোৱা ভয়ংকৰ বানে ইতিমধ্যে ৩০ হাজাৰৰো অধিক লোকক স্থানচ্যুত কৰিছে । আনকি এই অঞ্চলটোৰ আন্তঃগাঁথনিৰো ব্যাপক ক্ষয়-ক্ষতি হৈছে ৷ ফলত কিছুমান লোকক জীৱন-ধাৰণৰ বাবে দুৰ্গম হৈ পৰিছে ৷
CNN ত প্ৰকাশিত এক তথ্য অনুসৰি, এই ভয়ংকৰ বানৰ ফলত অঞ্চলটোত মৃত্যু হোৱা লোকক ইছলামিক পৰম্পৰাক সন্মান জনাই মৃত লোকসকলক তিনিদিনৰ ভিতৰত সমাধিস্থ কৰা হৈছে ৷ আনহাতে, বাষ্টৰ্ম ডেনিয়েলৰ ধ্বংসৰ ফলত উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান চলোৱাটো কঠিন হৈ পৰিছে ৷ ধ্বংসাৱশেষৰ পৰা জীৱিত অৱস্থাত লোকক উদ্ধাৰ কৰাটো কঠিন হৈ পৰিছে ৷ ইফালে উক্ত অঞ্চলত ধুমুহাৰ ফলত যোগাযোগ ব্যৱস্থাত ব্যাহত হৈ পৰিছে ৷ ফলত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলোৱাত কিছু অসুবিধাৰ সন্মুখিন হ’ব লগীয়াত পৰিছে ৷ লিবিয়াৰ বাহিৰত বাস কৰা লোকসকলে পৰিয়ালৰ খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে(Libya death toll surpasses 6000 in devastating floods) ৷
লগতে পঢ়ক :Kota suicide: NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীয়ে ল’লে চৰম পন্থা