Local, Vocal, Global

floods in assam : কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে চাপৰৰ চিকিৎসালয়

চাপৰ,২০জুন : জলমগ্ন চাপৰ চিকিৎসালয়! অস্বাস্থ্যকৰ পৰিৱেশত চলিছে স্বাস্থ্য সেৱা ।

বিগত কেইদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে এতিয়া সৃষ্টি হৈছে বান। ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালভাৱে মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে চাপৰ চিকিৎসালয়। নলা-নৰ্দমাৰ সু-ব্যৱস্থা নথকাৰ ফলত সৃষ্টি হৈছে অৰ্বননীয় পৰিস্থিতিৰ। ৰোগীৰ লগতে চিকিৎসক কৰ্মীয়ে অহা-যোৱা ক্ষেত্ৰত বিপদৰ সম্মুখীন হৈছে(floods in assam )।

অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত চলি আছে স্বাস্থ্য সেৱা । বহু বছৰ ধৰি বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে চিকিৎসালয় খনত। ৰাইজে বহুবাৰ দাবী কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ পদক্ষেপ হাতত নহ’লে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক কিম্বা সাংসদে। নিৰ্লিপ্ত ভূমিকা চাপৰ পৌৰসভাৰ। ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰোগীৰ লগতে চিকিৎসকসকল। ৰাইজে অতি সোনকালে চিকিৎসালয়ত কৃত্ৰিম বানপানীৰ সমস্যাটোৰ সমাধান কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক :hajj pilgrims from india dead due to scorching heat in Mecca : গ্ৰীষ্ম প্ৰৱাহৰ ফলত ছৌদি আৰৱত মৃত্যু হজযাত্ৰীৰ