floods in assam : কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে লৈছে ভয়ংকৰ ৰূপ

নিউজ ডেস্ক,২০জুন : কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পৰিস্থিতি অধিক জটিল ৰূপ ধাৰণ কৰিছে ৷ নৈৰ বাঢ়নী পানীয়ে বুৰাইছে ন ন অঞ্চল ৷ বানৰ পৰা ৰক্ষা পাবলৈ ওখ ঠাইলৈ ঢাপলি মেলিছে বানাক্ৰান্ত ৷ বানৰ বাবে কোনো কোনো অঞ্চলত খাদ্য আৰু আশ্ৰয়ৰ সমস্যাও মূৰ দাঙি উঠিছে(floods in assam) ৷
ঠায়ে ঠায়ে বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে বাঁহৰ সাঁকো, কাঠৰ দলং ৷ বানৰ ভয়াৱহতাৰ বাবে জিলা বিশেষে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰাৰ উপৰিও প্ৰশাসনে সতর্কতামূলক ব্যৱস্থা হিচাপে জাৰি কৰিছে ১৪৪ ধাৰা ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা অনুসৰি, ৰাজ্যৰ ১৯ খন জিলা বানৰ কবলত পৰিছে । তাৰে ভিতৰত কামৰূপ, দক্ষিণ শালমাৰা, গোৱালপাৰা, নগাঁও, বঙাইগাঁও, লখিমপুৰ, হোজাই, দৰং, নলবাৰী, কৰিমগঞ্জ, ওদালগুৰি, তামুলপুৰ, হাইলাকান্দি, বিশ্বনাথ, বৰপেটা, কাছাৰ, বাক্সা আৰু বজালী জিলা ৷
এই জিলাসমূহৰ ৪৮ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৭৯ খন গাঁও বানৰ কবলত পৰিছে ৷ তথ্য মতে, এতিয়ালৈকে দুই লাখ ৯৬ হেজাৰ ৩৮৪ জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ আকৌ এতিয়ালৈকে বানত বুৰ গৈছে ৩,৩২৬ হেক্টৰ কৃষিভূমি ৷
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক চাৰি-পাঁচদিনলৈ ৰাজ্যজুৰি বৰষুণৰ প্ৰকোপ চলি থাকিব ৷
২৩ জুনলৈকে বতৰৰ আগলি বতৰা অনুসৰি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ অব্যাহত থাকিব ৷ কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকণিৰে মূষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে৷
লগতে পঢ়ক : woman dies after ambulance plunges into water: দলঙৰ ৰেলিং ভাঙি পানীত পৰিল এম্বুলেন্স;নিহত মহিলা