Local, Vocal, Global

NHPC threatens : NHPCৰ ভাবুকি ! খহি আহিছে গেৰুকামুখ পাহাৰ

নিউজ ডেস্ক, ১৮ জুন : NHPC আশীৰ্বাদ নে অভিশাপ তাক লৈ দীৰ্ঘদিনীয়া বিতৰ্ক অব্যাহত আছে । কিন্তু গেৰুকামুখৰ পাহাৰ খহা দেখিলে শংকা দুগুণে বাঢ়ে (NHPC threatens) । NHPC অভিশপ্ত হ’ব বুলি অসমৰ বিশেষজ্ঞই নামনী জলবিদ্যুত্‍ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ সময়তে সকীয়াই দিছিল যে, NHPCৰ ভাৰ ব’ব নোৱাৰিব ঠুনুকা পাহাৰে । বিভিন্ন দল সংগঠনেও গগন ফলা চিঞৰৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ । কিন্তু সময়ৰ সোঁতত NHPCয়ে প্ৰায় ১০০শতাংশ সম্পূৰ্ণ কৰিলে কাম(NHPC threatens) ।

উল্লেখ্য যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰম্ভণিৰ সময়চোৱাতে অসমৰ বিশেষজ্ঞ সমিতিয়ে অসম-অৰুণাচলৰ ভংগুৰ শিলাখণ্ডৰ ওপৰত বৃহৎ নদী বান্ধ কেতিয়াও সুৰক্ষিত নহয় বুলি দাবী কৰিছিল ৷ কিন্তু সেই সময়ত থকা কংগ্ৰেছ চৰকাৰে অসমৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন নাকচ কৰি বিভিন্ন কাৰচাজীৰে এই প্ৰকল্পত অনুমোদন জনাইছিল ।

প্ৰত্যেক বছৰ বাৰিষাতে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বহু অংশত খহে পাহাৰৰ বহু অংশ ৷ এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে ৷ লগতে গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে ডাঃ ভবেন চৌধুৰীয়ে(Dr. Bhaben Chowdhury) ৷

আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে অসমৰ উন্নয়ন সকলোৰে কাম্য । কিন্তু সেই উন্নয়ন কেতিয়াও মানৱ জীৱনৰ বিনিময়ত হ’ব নোৱাৰে । গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত যাতে কোনো কাৰণতে প্ৰলয়ৰ সৃষ্টি নহয়, সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক এক পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে দাবী জনায় ।

যি সময়ত শিঙৰা, জীয়াঢলৰ বাঢ়নী পানীয়ে উত্তৰ অসমৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে সেই একে সময়তে নামনি সোৱণশিৰি জলবিদ্যুত্‍ প্ৰকল্পস্থলীৰ পাহাৰ খহি অহাত বিনিদ্ৰ ৰজনী কটাইছে সেই অঞ্চলৰ ৰাইজে ।

এই ভয়ংকৰ বিপদৰ আগজাননী পাইছিল NHPCয়ে । একেদৰে সকলো জানে স্থানীয় জনপ্ৰতিনিধিয়েও । কিন্তু বিষয়টোক লৈ নীৰৱ, মৌন ধেমাজি, লখিমপুৰ, ঢকুৱাখানাৰ জনপ্ৰতিনিধি ।

অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশতো হৈ আছে মুষলধাৰ বৰষুণ ৷ ফলত উফন্দি উঠিছে নৈসমূহৰ বুকু ৷ ফলত গেৰুকামুখত থকা নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ডাইভাৰ্ছন টানেলৰ দুখন গেট উটুৱাই নিয়ে ৷ আনকি গাইড বান্ধ ভাগি দুটা টাৰ্বাইন বুৰ গৈছে পানীৰ তলত ৷

২০২৪ৰ জানুৱাৰীৰ পৰা প্ৰকল্পত আৰম্ভ হ’ব বিদ্যুত্‍ উত্‍পাদন । বিদ্যুত্‍ উত্‍পাদনৰ প্ৰাকক্ষণত CENTRAL ELECTRICITY AUTHORITYএ প্ৰকল্প কাৰ্যক্ষম হোৱাৰ পূৰ্বে পাহাৰৰ খহনীয়া পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ নিৰ্দেশনা দিছিল । ৰাইজক এইক্ষেত্ৰত অন্ধকাৰত ৰাখি CEAৰ নিৰ্দেশনাক গুৰুত্ব নিদি কাম আগুৱাই নিয়াৰ ফলত এতিয়া গেৰুকামুখ পাহাৰ খহি বন্ধ হৈছে ইখনৰ পিছত সিখন সোঁত পৰিৱৰ্তনকাৰী দ্বাৰ ।

“কাৰ্যক্ষম হ’লে কি ভয়ানক পৰিস্থিতি হ’ব সেয়া এতিয়াই অনুমান হৈছে । গেৰুকামুখ পাহাৰ খহি আহি বন্ধ হৈ গৈছে DIVERSION WALL বোৰ । ভাগ্য ভাল যে এতিয়ালৈকে কাৰ্যক্ষম হোৱা নাই । যদিহে প্ৰকল্প কাৰ্যক্ষম হওঁতে পাহাৰ খহি টানেল বন্ধ হয়, অধিক ভয়াৱহ হ’ব পৰিস্থিতি । ফুটত নহয় মিটাৰত পানীৰ সোঁত অকল্পনীয় গতিত ব’ব । এই সকলোবোৰ কথা জানিও মৌন, নিৰৱ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, মন্ত্ৰী ডা৹ ৰণোজ পেগু, ঢকুৱাখানাৰ বিধায়ক নৱ কুমাৰ দলে আদি ।

জনপ্ৰতিনিধি নে মৌন প্ৰতিনিধি এইসকল?”- এইদৰে প্ৰশ্ন কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তুলাৰাম গগৈয়ে । মৌন হোৱাই নহয় জনসাধাৰণক বিপথে পৰিচালিত কৰি NHPCৰ কামৰ অংশীদাৰহে হৈছে সাংসদ প্ৰদান বৰুৱা বুলিও অভিযোগ আনিলে অধিবক্তা গৰাকীয়ে । ইফালে গেৰুকামুখ পাহাৰৰ খহনীয়া দেখি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী যোগেন্দ্ৰ যাদৱলৈও পত্ৰ লিখাৰ কথা ক’লে অধিবক্তা তুলাৰাম গগৈয়ে । এতিয়া কথা হ’ল, যি সময়ত খাৰঘুলীৰ পানীৰ পাইপ ফাটোটেই যি পৰিৱেশৰ সুচনা হৈছিল, ভাৱকছোন NHPC প্ৰকল্পৰ টানেলৰ ওপৰৰে পানী বাগৰিলে কি হ’ব !

শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃহৎ নদী বান্ধটো এটা জলবোমালৈ পৰ্যবসিত হৈছে ৷ ফলত এই প্ৰকল্পটো নামনিবাসীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে । সেয়ে সময় থাকোতেই এন এইচ পি চিক এই বান্ধৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আম আদমি পাৰ্টীয়ে দাবী জনায় ।

লগতে পঢ়ক : Union Health Minister reviewed Assam flood : অসমত বাৰিষাৰ পূৰ্বে বান ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পুনৰীক্ষণ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দবিয়াৰ