Flood in Nagaon : নগাঁও চহৰলৈ হোৰাহোৰে সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নীৰ পানী
নিউজ ডেস্ক,১০জুলাই : নগাঁও চহৰলৈ হোৰাহোৰে সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নীৰ পানী। বুধবাৰে পুৱাই সোমোৱা বাঢ়নী পানীয়ে চিঙি নিলে নগাঁও চহৰৰ মাজৰ আটি-শ’লমাৰী সংযোগী পথ। কলঙৰ বাঢ়নী এতিয়া নগাঁও চহৰৰ বিভিন্ন অঞ্চলত সৃষ্টি কৰিছে বানৰ।
ইফালে আৱদ্ধ কলঙৰ পানী হৰহৰীয়া জানেৰে সোমাই চিঙি পেলাইছে নিৰ্মাণৰত অৱস্থাত থকা শ’লমাৰি-মাজৰআটি সংযোগী পথ।
আনহাতে, এতিয়াও পুৰণিগুদামৰ কাষত ঘন মেটেকাৰ আৱদ্ধ হৈ আছে কলং নৈ। ফলত চামগুৰিৰ পৰা পুৰণিগুদামলৈকে কলঙৰ পানী বাগৰি কাষৰীয়া বহু অঞ্চল ডুবাই পেলাইছে। যদিহে উজনিত পুনৰ ঘন বৰষুণ হয় আৰু লুইতৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পায় তেনেহ’লে আৱদ্ধ কলঙৰ পানীয়ে নগাঁৱত পুনৰ বানৰ সৃষ্টি কৰিব পাৰে(Flood in Nagaon) ।
সময় থাকোতেই আৱদ্ধ কলঙৰ পানী নগাঁৱৰ পৰা বৈ যোৱাত ব্যৱস্থা ন’ললে ভয়াবহ বিপদৰ সন্মুখীন হ’ব নগাঁৱৰ ৰাইজ। ইতিমধ্যেই বাঢ়নী পানীয়ে নগাঁৱৰ চামগুৰি, মাজুলী চাপৰি, তেলিয়াগাঁও, মৰিয়া গাঁও, বালি, পহুকটাৰ চাপৰি আদি বুৰাই পেলাইছে। আনহাতে এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী সোমাই কলঙৰ জলপৃষ্ঠ বাঢ়ি থকাৰ ফলত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।
লগতে পঢ়ক : Gautam Gambhir Is Now New Team India Head Coach : গৌতম গম্ভীৰ হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক