Local, Vocal, Global

Flood Fury Continues In The State:বৰ্তমানো ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা

নিউজ ডেস্ক , ৯ জুলাই : ৰাজ্যত পূৰ্বতকৈ বানৰ প্ৰভাৱ কিছু কম হ’লেও এতিয়াও কেইবাশতাধিক লোক বানত প্ৰভাৱিত হৈ আছে। DRIMS (ডি আৰ আই এম এছ,) অসমৰ তথ্য অনুসৰি ৰাজ্যৰ ২৭ খন জিলা বৰ্তমানো আছে বানৰ কবলত । এই জিলা সমুহৰ ভিতৰত আছে – ধুবুৰী,কাছাৰ,কামৰূপ,গোৱালপাৰা,হাইলাকান্দি,নলবাৰী, কৰিমগঞ্জ,বঙাইগাঁও,গোলাঘাট,দক্ষিণ শালমাৰা,যোৰহাট,মৰিগাঁও,ডিব্ৰুগড়,নগাঁও,চৰাইদেউ,লখিমপুৰ,ধেমাজি, মাজুলী,বৰপেটা,বিশ্বনাথ,শিৱসাগৰ,শোণিতপুৰ,দৰং,কোকৰাঝাৰ,চিৰাং,কামৰূপ(ম) আৰু তিনিচুকীয়া। এই জিলাসমূহৰ ৯১ টা ৰাজহ চক্ৰ আৰু ৩১৫৪ খন গাঁও বানত প্লাবিত হৈ আছে। তথ্য অনুসৰি, অসমৰ বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান সময়ত বানত প্লাৱিত হৈ আছে ১৮,৮০,৭৮৩ জন লোক।

ইয়াৰোপৰি এই ২৭ খন জিলাৰ সৰ্বাধিক ২,০১,৫৭২ জন লোক কাছাৰত বানাক্ৰান্ত হৈ আছে। লগতে এতিয়াও এই জিলাসমূহত বানৰ কবলত আছে ৪৯,০১৪.০৬ হেক্টৰ কৃষিভূমি। বানাক্ৰান্তসকলৰ সহায়ৰ বাবে ৫৪৩ টা সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰাৰ লগতে কেইবাটাও আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই । এই প্ৰলয়ংকাৰী বানত বৰ্তমান প্ৰভাৱিত হৈ আছে ১,৫৪,৫০৯ টা জীৱ- জন্তু। অৱশ্যে যোৱা ২৪ ঘন্টাত কোনো জীৱ- জন্তুৰ মৃত্যুৰ তথ্য পোহৰলৈ অহা নাই। বানত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে ৮ টাতকৈ অধিক মথাউৰি, ১০০ টাতকৈ অধিক বাট- পথ নষ্ট হৈছে। বৰ্তমান সময়ত বিপদ-সীমাৰ ওপৰৰে বৈ থকা অসমৰ নৈ- উপনৈ সমূহৰ ভিতৰতৰ আছে- ব্ৰহ্মপুত্ৰ (নিমাতিঘাট), ব্ৰহ্মপুত্ৰ(তেজপুৰ),ব্ৰহ্মপুত্ৰ (গুৱাহাটী),ব্ৰহ্মপুত্ৰ (ধুবুৰী),সোৱণশিৰি (বদতিঘাট),বুঢ়িদিহিং (চেনিমাৰী, খোৱাং),দিখৌ (শিৱসাগৰ),দিচাং (নাংগলামুৰঘাট),কপিলি (ধৰমতুল),বেকী,চানকোষ (গোলকগঞ্জ),বৰাক,কুচিয়াৰা।

উল্লেখ্য যে, বানাক্ৰান্ত জিলাৰ সংখ্যা হ্ৰাস হ’লেও এতিয়াও মানুহৰ মাজত দুৰ্দশা কম হোৱা নাই। নিজৰ ঘৰ বাৰী, সা সম্পত্তি আদি এৰি ওখ স্থানত আশ্ৰয় লৈছে বানাক্ৰান্তই। প্ৰায় ৪৮ হাজাৰ লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। (Around 48,000 people are still in shelter camps). বানাক্ৰান্ত লোকসকলক বিভিন্ন ধৰণৰ সাহাৰ্য প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে বানাক্ৰান্ত জিলাসমূহলৈ গৈ পৰিস্থিতিৰ বুজ লৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, ওৰাং আদিতো বানে কালৰূপ ধৰিছে। Kaziranga National Park, Pobitora Sanctuary, Orang etc. have also taken a turn for the forest.কাজিৰঙাৰ প্ৰায়ভাগ জীৱ-জন্তু এতিয়া অন্য স্থানত আশ্ৰয় লোৱাৰ লগতে কেইবাটাও জীৱ- জন্তুৰ মৃত্যু হৈছে। এতিয়াও ৰাষ্ট্ৰীয় উদ্যান খনৰ ৬০ টাৰো অধিক বন শিবিৰ বানৰ কবলত আছে।

লগতে পঢ়কঃ Homeopathy College Vice Principal Dies By Suicide : গুৱাহাটী হোমিঅ’পেথিক কলেজৰ উপাধ্যক্ষৰ চিপ লৈ আত্মহত্যা