Flight operations to remain suspended for over 2 hours daily at Delhi airport till January 26 : ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দৈনিক দুঘন্টাকৈ বিমানৰ উৰণ-অৱতৰণত নিষেধাজ্ঞা

নেশ্যনেল ডেস্ক, ২০জানুৱাৰী : ২৬ জানুৱাৰীলৈকৈ দিল্লী বিমানবন্দৰত কোনো ধৰণৰ বিমান অৱতৰণ আৰু উৰণ নহ’ব ।শুকুৰবাৰে এই কথা জানিবলৈ দিয়ে এগৰাকী বিষয়াই ।
বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি,গণৰাজ্য দিৱসৰ প্ৰস্তুতি তথা উদযাপনৰ বাবে ২৬ জানুৱাৰীলৈকে প্ৰতিদিনে পুৱা ১০.২০ বজাৰ পৰা দুপৰীয়া ১২.৪৫ বজালৈ কোনো ধৰণৰ বিমান উৰাণ আৰু অৱতৰণ নহ’ব ।
ভাৰতীয় বিমানবন্দৰৰ কৰ্তৃপক্ষই জাৰি কৰা NOTAM (Notice to Airmen) নতুন নিষেধাজ্ঞা প্ৰৱৰ্তনৰ বাবে সংশোধন কৰা হৈছে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কিছুমান ব্যতিক্ৰম সেৱা বাদ দি কেৱল অ-নিৰ্ধাৰিত বিমানৰ বাবেহে এই নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল । ১৯ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ পুৱা ১০.২০ বজাৰ পৰা দুপৰীয়া ১২.৪৫ বজালৈ দিল্লী বিমানবন্দৰৰ পৰা কোনো বিমানে যাত্ৰা নকৰাৰ লগতে কোনো বিমান অৱতৰণো কৰিব নোৱাৰিব বুলি শুকুৰবাৰে বিষয়াগৰাকীয়ে জনায়(Flight operations to remain suspended for over 2 hours daily at Delhi airport till January 26) ।
সাধাৰণতে NOTAM (Notice to Airmen) হৈছে বিমান পৰিচালনাৰ সৈতে জড়িত কৰ্মীসকলৰ বাবে অপৰিহাৰ্য তথ্য থকা জাননী । গণৰাজ্য দিৱসৰ প্ৰস্তুতি আৰু উদযাপনৰ ক্ষেত্ৰত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যেই ৰাষ্ট্ৰীয় ৰাজধানীত শুকুৰবাৰৰ পৰা (১৯ জানুৱাৰী)ৰ পৰা সোমবাৰ (২৯ জানুৱাৰী)লৈ আকাশমাৰ্গ নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকিব । ১৯-২৫ জানুৱাৰীৰ সময়ছোৱাত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.১৫ বজালৈ নিৰ্ধাৰিত বিমান সংস্থাসমূহৰ অ-নিৰ্ধাৰিত বিমান সেৱাৰ অৱতৰণ বা উৰণৰ অনুমতি দিয়া নহ’ব (Flight operations to remain suspended for over 2 hours daily at Delhi airport till January 26)।
চলিত সপ্তাহৰ আৰম্ভণিতে জাৰি কৰা NOTAM অনুসৰি ২৬ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ এই নিষেধাজ্ঞাসমূহ পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ বলৱৎ হ’ব ।ভাৰতীয় বায়ুসেনা, বি এছ এফ, সেনাবাহিনীৰ বিমান বা হেলিকপ্টাৰ অভিযানৰ লগতে যিকোনো এখন ৰাজ্যৰ ৰাজ্যপাল বা মুখ্যমন্ত্ৰীৰ সৈতে থকা চৰকাৰী বিমান আৰু হেলিকপ্টাৰৰ ক্ষেত্ৰত NOTAM ৰ কোনো প্ৰভাৱ নপৰে । ৰাষ্ট্ৰীয় ৰাজধানীত অৱস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আই জি আই এ)ত দৈনিক প্ৰায় ১৩০০ বিমান সেৱা পৰিচালনা কৰা হয় ।