Local, Vocal, Global

Flash flood in Sikkim: ছিকিমত বানৰ ফলত অভাৱনীয় পৰিস্থিতি, সন্ধানহীন ২৩গৰাকীকৈ সেনা জোৱান

নেশ্যনেল ডেস্ক, ৪অক্টোবৰ : পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে ছিকিম । ছিকিমত অভাৱনীয় পৰিস্থিতি(Flash flood in Sikkim) । বিগত কিছুদিন ধৰি বান আৰু ভূমিস্খলনেৰে প্ৰকৃতিয়ে ধ্বংসলীলা চলাই আহিছিল ছিকিমত । এইবাৰ আকস্মিক বানে ছিকিমত চলাইছে ধ্বংসলীলা(Flash floods in Sikkim wash away roads bridges 23 Army jawans missing) ।

ছিকিমত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে তিষ্টা নদীৰ জলস্তৰ। প্ৰৱল বানে বুৰাই পেলালে ১০নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰশাসনে বানৰ ফলত দুখনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰবল বানে উটুৱাই নিয়ে সেনা বাহিনীৰ কনভয়। সন্ধানহীন হৈ আছে ২৩গৰাকীকৈ সেনা জোৱান। সন্ধানহীন সৈনিকসকলৰ সন্ধানত ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। ইফালে ছিকিমৰ চুংথাম মূল ভূখণ্ডৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে । অঞ্চলটোত ভূমিস্খলনো আৰম্ভ হৈছে ।

প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই ভয়ংকৰ ঘটনাৰ সন্দৰ্ভত কয় যে, এই আকস্মিকভাৱে হোৱা বানৰ ফলত উপত্যকাটোৰ কাষৰীয়া কিছু সেনা প্ৰতিষ্ঠান প্ৰভাৱিত হৈছে । পানীৰ তলত বুৰ গৈছে সেনাৰ বাহন । সন্ধানহীন হৈছে কেইবাজনো সেনা জোৱান ।ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে(23 Army personnel missing in flash flood triggered by cloudburst in Sikkim) ।

উল্লেখ্য যে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ বাবে হঠাতে পানীৰ স্তৰ নিম্নাংশত ১৫-২০ ফুট উচ্চতালৈ বৃদ্ধি হয় ।

আনহাতে, গুৱাহাটীস্থিত প্ৰতিৰক্ষা জনসম্পৰ্ক বিষয়াই (পিআৰঅ’) এক্সত ঘটনা সন্দৰ্ভত পোষ্ট কৰে যে, “উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত হঠাতে ডাৱৰ বিস্ফোৰণৰ হোৱাৰ পিছত লাচেন উপত্যকাৰ তিস্তা নদীত সংঘটিত আকস্মিক বানৰ ফলত ২৩ জন সেনা জোৱান সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে(23 Army soldiers missing after flash floods in Sikkim) ।”

ইফালে এই বিস্ফোৰণৰ বিষয়ে তথ্য প্ৰদান কৰি গেংটক জিলা প্ৰশাসনে কয়, “গেংটকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চিংটাম চহৰৰ তিস্তা নদীৰ ওপৰৰ ইন্দ্ৰেনি দলং আকস্মিক বানৰ কবলত পৰিছে । পুৱা প্ৰায় ৪ বজাত বালুতাৰ জনপদৰ এখন সংযোগী দলঙো উটি গৈছে ।”

জানিব পৰা মতে, অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু অঞ্চলটোৰ পৰা স্থানীয় বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে । ইয়াৰ উপৰি চহৰখনৰ চিংটাম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অস্থায়ী সাহায্য শিবিৰ স্থাপন কৰা হৈছে বুলি প্ৰশাসনৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :Police Guidelines For Durga Puja in Guwahati : প্ৰশাসনে জাৰি কৰিলে দুৰ্গা পূজাৰ নতুন নিৰ্দেশনা