পুনৰ পাঁচজনকৈ যুৱক আলফা স্বাধীনত যোগদান
নিউজ ডেস্ক,২২ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে সংযুক্ত মুক্তি বাহিনীত যোগদানৰ প্ৰক্ৰিয়া। পুনৰ আলফা স্বাধীনত যোগদান পাঁচ অসমীয়া যুৱক। জানিব পৰা মতে, ম্যানমাৰৰ সীমান্ত পাৰ হৈ আলফাৰ শিবিৰত উপস্থিত হয় যুৱক পাঁচজন।
আলফাত যোগদান কৰা এই পাঁচজন যুৱক হৈছে- বৰপেটা সদৰ ধনজিৎ দাস, বাকসা গোবৰধনাৰ উদ্ধৱ দাস, তামুলপুৰ কুমাৰীকাটাৰ নিৰঞ্জন ডেকা, গুৱাহাটীৰ নাৰেংগীৰ যুগল শৰ্মা আৰু যোৰহাট নিমাতীৰ অংকুৰ দাস।
ইফালে উদ্ধৱ দাস শৃংখল চলিহাৰ নেতৃত্বত গঠিত সংগঠন বীৰ লাচিত সেনাৰ সদস্য আছিল।
উল্লেখ্য যে, বিগত ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চমাহ পৰ্যন্ত প্ৰায় ৩০০ ৰো অধিক যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰিছে ।