Five Prisoners Escape From Morigaon Jail : মৰিগাঁৱৰ কাৰাগাৰৰ পৰা পলাতক কয়দীৰ মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক,১৪অক্টোবৰ : মৰিগাঁৱৰ কাৰাগাৰৰ পৰা পলাতক কয়দীৰ মৃতদেহ উদ্ধাৰ। লাহৰীঘাটৰ দেবাগুৰিৰ বিলৰ পৰা উদ্ধাৰ এটা কয়দীৰ মৃতদেহ । বিলৰ পৰা উদ্ধাৰ আব্দুল ৰছিদ নামৰ কয়দীটোৰ মৃতদেহ(Five Prisoners Escape From Morigaon Jail)।
উল্লেখ্য যে,বৃহস্পতিবাৰে নিশা মৰিগাঁৱৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছিল ৫কয়দী ।তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী ভাঙি মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলাল কৰিছিল কয়দী ৫টা। লোৰ গ্ৰীলৰ বেৰেক ভঙাৰ পাছত দুখন দেৱাল বগাই পলায়ন কৰিছিল চাইফুদ্দিন, জীয়াৰুল ইছলাম, নুৰ ইছলাম, আব্দুল ৰচিদ আৰু মফিদুল ইছলাম নামৰ কয়দীকেইটা(In Assam prisonbreak, 5 inmates climb 20-foot wall using lungis, blankets)।
শুকুৰবাৰে পুৱা মৰিগাঁৱৰ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত থকা কাৰাগাৰৰ সুউচ্চ দেৱালত লুঙি, বেডকভাৰ আৰু কম্বলেৰে প্ৰস্তুত কৰা ৰচি ওলমি থকাৰ পাছত দৌৰাদৌৰি লাগিল জিলা কাৰাগাৰত। বিচনা এৰি কাৰাগাৰলৈ ল’ৰ দিলে নিৰাপত্তাৰক্ষীয়ে। এদলে আৰম্ভ কৰিলে কয়দীৰ গণনা।
আন এদলে খুলি আনিলে সুউচ্চ দেৱালত ওলমাই থোৱা লুঙিৰ ৰছী। কয়দীৰ গন্তি আৰম্ভ কৰোতেই নিৰাপত্তাৰক্ষীৰ চকুত পৰিল এটা ভাঙি নেফানেফ কৰা বেৰেকৰ লোহাৰ গ্ৰীল।ভগা অংশৰে সৰকি যাওতে নিৰাপত্তাৰক্ষীয়ে দেখিলে লুঙি, বেডকভাৰ আৰু কম্বলেৰে কাৰাগাৰৰ ভিতৰতে কয়দীয়ে প্ৰস্তুত কৰি লোৱা সুদীৰ্ঘ ৰচী। তেতিয়াই হুৱাদুৱা লাগিল।
লগতে পঢ়ক :Road Accident In Kaziranga :পথৰ কাষৰ গছত খুন্দা তীব্ৰবেগী টাটা মেজিকৰ; নিহত দুজন