Local, Vocal, Global

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আন্তঃৰাজ্যিক সোণ চোৰাং চক্ৰৰ সৈতে জড়িত এগৰাকী মহিলাসহ পাঁচজন লোক

নিউজ ডেস্ক, ১০ জুলাই : মেঘালয় আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে এটা আন্তঃৰাজ্যিক সোণ চোৰাং চক্ৰৰ সৈতে জড়িত এগৰাকী মহিলাসহ পাঁচজন লোক।

উল্লেখ্য যে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত Nongpoh আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযান চলাইছিল আৰু এখন পৰ্যটক টেক্সিত শ্বিলঙৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এজন যাত্ৰীৰ পৰা সোণৰ বিস্কুটসমূহ উদ্ধাৰ কৰিছিল।

বাতৰি অনুসৰি, জব্দ কৰা সোণৰ ওজন ৮০০ গ্ৰামতকৈ অধিক, যাৰ মূল্য ৫০ লাখ টকাতকৈ অধিক।

গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনৰ এজনক আবু বাক্কাৰ বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসৰি, বাক্কৰে অসমৰ বৰপেটা জিলাৰ চাদ্দিক আলী আৰু চাহজাহানক হস্তান্তৰ কৰিবলৈ সোণৰ বিস্কুটসমূহ চোৰাং কৈ লৈ আহিছিল।

ইফালে, এই সন্দৰ্ভত বৰপেটাত চলোৱা এটা অভিযানত শ্বাহজাহানৰ দখলৰ পৰা ২৭ লাখতকৈও অধিক নগদ ধন জব্দ কৰা হৈছিল।

মুঠতে, গোচৰটোৰ সন্দৰ্ভত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তেওঁলোকক বৰপেটাৰ আবু বাক্কাৰ, শ্বাহজাহান, মোঃ সাদ্দিক আলী আৰু শ্বিলংৰ অন্তৰ্গত লাবানৰ আজিজ লিংডোহ আৰু

মুঠতে, গোচৰটোৰ সন্দৰ্ভত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তেওঁলোকক বৰপেটাৰ আবু বাক্কাৰ, শ্বাহজাহান, মোঃ সাদ্দিক আলী আৰু শ্বিলংৰ অন্তৰ্গত লাবানৰ আজিজ লিংডোহ আৰু মাওলাইৰ সুবালিন খাৰবানী বুলি চিনাক্ত কৰা হৈছে।