Local, Vocal, Global

Jharkhand Road Accident : দেশজুৰি দশেৰাৰ উছাহৰ মাজতে এক শোকাৱহ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ২৪অক্টোবৰ : মৰ্মান্তিত দুৰ্ঘটনা । দেশজুৰি দশেৰাৰ উছাহৰ মাজতে সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা । একেটা পৰিয়ালৰে শিশুসহ মৃত্যু ৫গৰাকীলোকৰ, লগতে এজন অৱস্থা সংকটজনক । ঝাৰখণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Five of family killed after car falls off at Sikatiya bridge in Deoghar ) ।

মঙলবাৰে ঝাৰখণ্ড জিলাৰ সাৰথ থানা অঞ্চলত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়(Jharkhand Road Accident ) ৷

জানিব পৰা মতে, মনোজ চৌধুৰী নামৰ এজন লোকে তেওঁৰ জী জোঁৱায়েক আৰু দুই সন্তানৰ সৈতে দশেৰা উদযাপন কৰিবলৈ গৈ আছিলে আৰু সেই সময়তে ছিকটিয়া বেৰেজৰ সমীপত বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত বাহনখনৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

এই ভয়ংকৰ ঘটনাৰ কথা গম পোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক আৰু লগে লগে স্থানীয় লোকসকলে বাহনখনৰ পৰা মৃত লোকসকলক উলিয়াই লৈ আহে ৷

ইফালে এই ভয়ংকৰ ঘটনাৰ খবৰ স্থানীয় লোকসকলে আৰক্ষীক দিয়ে। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে সাৰথ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

আনহাতে এই শোকাৱহ ঘটনাৰ খবৰ পোৱাৰ লগে লগে সাৰথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেশ কুমাৰ আৰু এছডিপিঅ’ বীৰেন্দ্ৰ কুমাৰ ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয় ৷ এই ঘটনাত আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ সদৰ চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়(Five of family die after their car fell off bridge at Sikatiya barrage in Jharkhand’s Deoghar) ।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সম্পৰ্কে মৃত পৰিয়ালৰ আত্মীয়ক অৱগত কৰে ৷ পৰিয়ালৰ লোক আহিলেই গতাই দিয়া হ’ব মৃতদেহ ৷

লগতে পঢ়ক : Dead body found in Guwahati : পুনৰ মহানগৰীৰ হেঙেবাৰীত উদ্ধাৰ মৃতদে