Lucknow tragic: এক শোকাৱহ দুৰ্ঘটনা; ছাদ খহি মৃত্যু একেটা পৰিয়ালৰ ৫জনকৈ লোকৰ
নেশ্যনেল ডেস্ক, ১৬ছেপ্টেম্বৰ : এক ভয়ংকৰ দুৰ্ঘটনা । ছাদ খহি মৃত্যু একেটা পৰিয়ালৰ ৫জনকৈ লোকৰ । এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌ(Lucknow tragic) ।
উল্লেখ্য যে, শনিবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌৰ আলমবাগত থকা ৰে’লৱে কলনীৰ এটা ঘৰৰ ছাদ খহি পৰাৰ ফলত মৃত্য়ু ৫ জনকৈ লোকৰ । জানিব পৰা মতে, নিহত লোককেইজন একেটা পৰিয়ালৰে সদস্য আছিল ।
জানিব পৰা মতে, ভুক্তভোগী সতীশ চন্দ্ৰ নামৰ লোকজনে তেওঁৰ পৰিয়ালৰ সৈতে আলমবাগৰ ৰে’লৱে কলনীত বাস কৰিছিল(Five of family die as roof of dilapidated house collapses) । সতীশ চন্দ্ৰই ৰে’ল কৰ্মচাৰী আছিল যাৰ বাবে তেওঁ পৰিয়ালৰৰ সৈতে আলমবাগত থকা ৰে’লৱে কলনীত বাস কৰিছিল । কিন্তু শনিবাৰে পৰিয়ালটোৰ মাজলৈ নামি আহিল ঘোৰ অমানিশা । সতীশ চন্দ্ৰৰ পৰিয়ালটোৱে বাস কৰা আৱাসৰ ছাঁদখন হঠাতে খহি পৰে আৰু তাৰ পাছতে পৰিয়ালটোৰ ৫ গৰাকীকৈ সদস্য ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে(5 including 3 children killed after roof of house collapses in Lucknow) ।
স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি, এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত ঘৰটোত থকা শিশুসহ ৫ গৰাকী সদস্যৰ মৃত্যু হয় । তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁলোকৰ মৃত্যু হয় । সতীশ চন্দ্ৰই পত্নী আৰু ৩ সন্তানৰ সৈতে ঘৰটোত বাস কৰিছিল । ৰে’লৱে কলনীৰ পুৰণি ঘৰটোৰ ছাদ খহি পৰাত সতীশ চন্দ্ৰ, পত্নী সৰোজিনী দেৱী আৰু তেওঁলোকৰ সন্তানকেইটা ক্ৰমে হৰ্ষিত, হৰ্ষিতা আৰু ৫ বছৰীয়া সন্তানৰ মৃত্যু হয় ।এই শোকাৱহ দুৰ্ঘটনাটোক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে(Five killed after portion of house roof collapses in Lucknow Alambagh) ।
ইফালে এই শোকাৱহ দুৰ্ঘটনাটোক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সমবেদনা জ্ঞাপন কৰিছে ।লগতে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ তদন্তৰ লগতে সাহায্যৰ কাম ততালিকে কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে ।
আনহাতে আলমবাগ ৰে’লৱে কলনীত সংঘটিত দুৰ্ঘটনাটোক লৈ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকেও গভীৰ শোক প্ৰকাশ কৰিছে আৰু তাৎক্ষণিক সাহায্যৰ নিৰ্দেশ দিছে ।
লগতে পঢ়ক :Dombivli building collapse : মহাৰাষ্ট্ৰত খহি পৰিল চাৰি মহলীয়া অট্টালিকা