Five Miscreants Arrested for Blank Firing : সৰুপথাৰৰ ইকৰাণিত শূন্যলৈ গুলীচালনা দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ৩ মাৰ্চ : সৰুপথাৰত শূন্যলৈ গুলীচালনা দুৰ্বৃত্তৰ । সৰুপথাৰৰ ইকৰাণী চাৰিআলিৰ আইছেং ধাবাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা( Five Miscreants Arrested for Blank Firing) ৷
ঘটনা অনুসৰি, শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত পাঁচজনীয়া দুৰ্বৃত্তৰ দলে আই ছেং ধাবাত উপস্থিত হৈ মদ বিচাৰে ৷ ধাবাখনৰ স্বত্বাধিকাৰীয়ে ধাবাখনত মদ উপলব্ধ নহয় বুলি কয় তাৰ পাচতে দুৰ্বৃত্তৰ দলটোৱে ধাবাৰ মালিক কৰ্মচাৰীৰ লগত কাজিয়াত লিপ্ত হয় । সুৰামত্ত যুৱকৰ দলটোৰ মাজৰ এজনে নিজৰ পিষ্টলেৰে শূন্যলৈ তিনি জাঁই গুলী চালনা কৰে তাৰ পিছতে ধাবাখনত সৃষ্টি হয় আতংকৰ গুলীৰ শব্দ শুনি উক্ত স্থানত বহু লোকৰ সমাগম ঘটে । ধাবাৰ মালিক-কৰ্মচাৰী সহ উপস্থিত ৰাইজে দলটোৰ দুজনক ধৰি আৰক্ষীক চমজাই দিয়ে( Five Miscreants Arrested for Blank Firing, Creating Ruckus in Dhaba) ।
ইফালে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়া যুৱক দুজন ক্ৰমে বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সৰুলাংঠা গাঁৱৰ গজেন বৰা ওৰফে মনদ্বীপ (৩৮) আৰু ৰাজস্থান জয়পুৰৰ নিবাসী দশৰথ সিং (৩২) বুলি জানিব পৰা গৈছে ।
এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অৱগত হোৱাৰ পাচতে নিশাই ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । নিশা ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰ আৰু সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা আৰক্ষীয়ে প্ৰথমে নিশা উৰিয়ামঘাটৰ পৰা RJ 45 CY 7178 নম্বৰৰ টয়টা হাইলাক্স গাড়ীসহ শচীন শৰ্মাক আটক কৰে(Five miscreants arrested for blank firing, creating ruckus at Sarupathar dhaba) ।
লগতে পঢ়ক : Dancer from Kolkata shot dead in US : আমেৰিকাত গুলীয়াই হত্যা ভাৰতীয়া নৃত্যশিল্পীক