Local, Vocal, Global

Fire caused by Diwali crackers : দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ : দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে ভয়ংকৰ ঘটনা । চৌপাশে পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ -উল্লাহ(Fire caused by Diwali crackers) । তাৰ মাজেত দেওবাৰে নাগালেণ্ডত সংঘটি হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(5 Of Family Killed In Fire Likely Caused By Firecrackers In Nagaland)।

উল্লেখ্য যে, দেওবাৰে নিশা নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ নাহৰবাৰী অঞ্চলত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত একেটা পৰিয়ালৰ তিনিটা শিশুসহ পাঁচজন সদস্যৰ নিহত হয়।

জানিব পৰা, দেওবাৰে নিশা প্ৰায় ১০:৪৫ মান বজাত আতচবাজী ফুটাই থকাৰ সময়তে অনগা সম্প্ৰদায়ৰ লোকে বসবাস কৰা খেৰৰ ঘৰত জুইৰ সূত্ৰপাত হয়(Fire likely caused by Diwali crackers kills 5) ।

প্ৰাপ্ত খবৰ অনুসৰি, এই অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পোৱা লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰায় ১ঘণ্টাজুৰি প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰে ।এই অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে, এই অগ্নিকাণ্ডৰ ফলত নিমিষতে ভষ্মীভুত হয় ৫০টাকৈ পৰিয়ালৰ বাসগৃহ(Fire likely caused by Diwali crackers kills five of family in Nagaland) ।

অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ বিষয়াগৰাকীয়ে দীপাৱলী উদযাপনৰ সময়তে ফটকাৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা সন্দেহ কৰিছে ।

এই অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল বৰ্তমানেও জানিব পৰা হোৱা নাই(Five members of family killed in fire likely caused by Diwali crackers in Nagaland) ।

বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু ঘটনাৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ ।

লগতে পঢ়ক : TMC Leader Saifuddin Laskar Shot Dead : নামাজলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে তৃণমূল কংগ্ৰেছৰ নেতাক