Local, Vocal, Global

Five members of a family fall ill due to food poisoning in Assam : ব্ৰইলাৰ মাংস খাই অসুস্থ একেটা পৰিয়ালৰ ৫জনকৈ লোক

গোসাইগাঁও,২০মে’ : ব্ৰইলাৰ মাংসত বিষক্ৰিয়া । অসুস্থ একেটা পৰিয়ালৰ ৫জনকৈ লোক ।

গোসাইগাঁৱত সংঘটিত হৈছে অঘটন । ব্ৰইলাৰ মাংসত বিষক্ৰিয়া ৷ ব্ৰইলাৰ মাংস খাই শৌচ, বমিত আক্ৰান্ত ৫জনকৈ লোক ।

গোসাইগাঁও মহকুমাৰ ছোটো গৰজান গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনায়ো।দেওবাৰে নিশা ব্ৰয়লাৰৰ মাংস খোৱাৰ পিছে অসুস্থ হৈ পৰিছে পৰিয়ালটোৰ ৫গৰাকী সদস্য।ব্ৰয়লাৰ মাংস খোৱাৰ পাচতেই পৰিয়ালটোৰ সদস্যসকলৰ আৰম্ভ হয় শৌচ বমি। অসুস্থ সকল ক্ৰমে ক্ৰিঞ্জু ব্ৰহ্ম(৫৫),হিমাংশু নাৰ্জাৰী,অঞ্জিমা ব্ৰহ্ম,তিলক ব্ৰহ্ম(২) আৰু মুখি ব্ৰহ্ম বুলি জানিব পৰা গৈছে । অসুস্থ সকলৰ ক্ৰিঞ্জু ব্ৰহ্মৰ অৱস্থা গুৰুতৰ(Five members of a family fall ill due to food poisoning in Assam)।

অৱশ্যে আন সদস্যসকল সংকটমুক্ত বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত ক্ৰিঞ্জু ব্ৰহ্ম বৰ্তমান গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে কোকৰাঝাৰ জিলাৰ দোতমাৰ পৰা আনিছিল ব্ৰয়লাৰ মাংসখিনি9Five members of a family fall ill due to food poisoning in Assam)।

লগতে পঢ়ক : Drugs Peddlers Arrested : গুৱাহাটীৰ ৰে’ল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰসহ গাঞ্জা