Local, Vocal, Global

Five killed as car hits tree in Telangana : মৰ্মান্তিক দুৰ্ঘটনা;থিতাতে নিহত শিশুসহ ৫জন, আহত ৭জন

নেশ্যনেল ডেস্ক, ৪ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত শিশুসহ ৫জন লগতে আহত ৭জন(Five killed as car hits tree in Telangana) ।

তেলেংগানাৰ ৱানাপাৰ্থী জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ।সোমবাৰে মাজনিশা হায়দৰাবাদৰ পৰা কৰ্ণাটকৰ বাল্লাৰীলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

জানিব পৰা মতে, তীব্ৰবেগী বাহনে কোঠাকোটাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে ফলত তিনিটা শিশুসহ পাঁচজন লোক নিহত হয় ।

এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহতলোকসকলক আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত গাড়ীখনত ১২ জন লোক আছিল । সোমবাৰে মাজনিশা প্ৰায় ২-৩ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনাটো । চালকে টোপনিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰে আৰক্ষীয়ে(5 of family killed,7 injured as car crashes into tree in Hyderabad) ।

প্ৰাপ্ত তথ্য অনুসৰি নিহত আৰু আহত লোকসকল কৰ্ণাটকৰ বল্লাৰী জিলাৰ বাসিন্দ আছিল । নিহত লোকসকল ক্ৰমে আব্দুল ৰহমান (৬২), ছালিমা জী (৮৫), শিশু ৱাচিৰ ৰাউত (৭ মাহ), বুছৰা (২), আৰু মাৰিয়া (৫)ৰ বুলি চিনাক্ত কৰিছে ।

চিকিৎসকে জনোৱা মতে, দুৰ্ঘটনাটোত আহত হোৱা লোকসকলৰ ভিতৰত সমীৰা (৫), হুছেইন (১০), শ্বাফি, কাদিৰুন্নিছা, হাবিব, আলী, আৰু শ্বাহজাহান বাইগৰ অৱস্থা সংকটজনক । আহত আলী ৱানাপাৰ্থী হাস্পতালত চিকিৎসাধীন হৈ আছে যদিও বাকীসকলক উন্নত চিকিৎসাৰ বাবে কুৰ্ণুললৈ স্থানান্তৰ কৰা হয়(Five killed as car hits tree in Telangana) ।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : China says news conference with premier is cancelled : চীনৰ প্ৰধানমন্ত্ৰীৰ বাৰ্ষিক সংবাদমেল বাতিল