Local, Vocal, Global

five gamblers arrested in sonari : সোণাৰি আৰক্ষীৰ জালত পাঁচ জুৱাৰী

নিউজ ডেস্ক,২মে’ : ৰাজ্যজুৰি অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছটো একাংশ অপৰাধীৰ গা লৰা নাই । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানত চলি অনৈতিক কাৰ্য9five gamblers arrested in sonari)।

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে পোহৰলৈ আহিছে জুৱাৰীৰ উপদ্ৰৱৰ ঘটনা ৷ আৰক্ষীৰ কঠোৰ অভিযানৰ পিছটো এতিয়াও জুৱাৰীৰ জুৱাৰ আড্ডা বন্ধ হোৱা নাই ৷ প্ৰতিদিনে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ উদ্ধাৰ হোৱা লগতে দিনক দিনে বৃদ্ধি পাইছে অবৈধ মদ আৰু বৃহৎ জুৱাৰ ঘাটি ।

জানিব পৰা মতে,বুধবাৰে নিশা চৰাইদেউৰ সোণাৰিত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই । অভিযানত সোণাৰি নগৰৰ চেনীগুডামস্থিত প্ৰদীপ গগৈৰ ঘৰৰ পৰা আটক কৰে জুৱাৰীৰ দল এটাক । আটকাধীন জুৱাৰীকেইটাৰ পৰা আৰক্ষীয়ে 45,710 টকাসহ 7 টা মোবাইল ফোন আৰু তাচপাত জব্দ কৰিবলৈ সক্ষম হৈছে ।

আটকাধীন জুৱাৰীকেইটা হ’ল ক্ৰমে গৌৰী প্ৰসাদ গগৈ, প্ৰদীপ পাল, বিশ্বজিৎ গগৈ, ৰাজু মালাকাৰ, আকবৰ শ্বেখ বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি জুৱাৰ আড্ডা বহা ঘৰটোৰ মালিক প্ৰদীপ গগৈকো আটক কৰে আৰক্ষীয়ে(five gamblers arrested in sonari) ৷

ইফালে স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি সন্ধিয়া হ’লে গগৈৰ ঘৰত জুৱাৰ আড্ডা চলে ৷ স্থানীয় লোকে বহুবাৰ সকিয়নী দিছিল যদিও গগৈ তথা জুৱাৰীৰ দলটোৱে কাণসাৰ দিয়া নাছিল ৷