WATCH | Five gamblers arrested in Darrang : দৰঙত ৫ জনকৈ IPLজুৱাৰীক আটক
মঙলদৈ,৩০মাৰ্চ : দেশত IPL খেলৰ গৰম বতাহ চলি থকাৰ সময়তে মঙলদৈৰ নিকতৱৰ্তী পানবাৰী,ধুলা আৰু দলগাওঁৰ পৰা পাঁচ জনকৈ IPL ৰ জুৱাৰী আটক কৰে দৰং আৰক্ষীয়ে।
জুৱাৰী কেইজন ক্ৰমে পানবাৰীৰ হুছেইন আলি, ৰাজা পুখুৰী কাৱাদঙাৰ সোনহাৰ আলি, মঙ্গলদৈৰ কাৰি আৰু দলগাওঁৰ মোস্তাক আহমেদ আৰু বজৰুল(Five gamblers arrested in Darrang)।
আটাইকেইজন জুৱাৰীক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে। আটাইকেইজন জুৱাৰীৰ স্বীকাৰ উক্তিৰ ভিত্তিত মূল মাষ্টাৰ মাইণ্ড থকাৰ কথা পোহৰলৈ আহে যদিও তদন্ত অব্যাহত ৰাখিছে দৰং আৰক্ষীয়ে।
আটকাধীন জুৱাৰী কেইজনৰ পৰা তিনিটা মোবাইল ফোন সহ বহু আপত্তি জনক নথি জব্দ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী