Five from family killed on suspicion of practising witchcraft : ডাইনী সন্দেহত একেটা পৰিয়ালে ৫ গৰাকী সদস্যক নৃশংসভাৱে হত্যা

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : এক ভয়ংকৰ ঘটনা । ডাইনী সন্দেহত একেটা পৰিয়ালে ৫ গৰাকী সদস্যক নৃশংসভাৱে হত্যা ।
ছত্তীশগড়ৰ চুকমাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।বস্তাৰৰ চুকমাৰ কোণ্টাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । ডাইনী সন্দেহত একেটা পৰিয়ালে ৫ গৰাকী সদস্যক নৃশংসভাৱে হত্যা ।মৃত লোকসকলৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ২ জন পুৰুষ(Five from family killed on suspicion of practising witchcraft in Chhattisgarh)।
আৰক্ষীয়ে জনোৱা অনুসৰি, এই ভয়ংকৰ ঘটনাটো দেওবাৰে পুৱা সংঘটিত হয় । ডাইনী সন্দেহত চুকমাৰ কোণ্টাৰ অন্তৰ্গত এটকল গাঁৱত ৫ গৰাকী লোকক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৫ গৰাকীকৈ লোকে(Five from family killed on suspicion of practising witchcraft)।
ঘটনা সন্দৰ্ভত চুকমাৰ আৰক্ষী অধীক্ষক কিৰণ চৱনে কয় যে,”দেওবাৰে পুৱা ডাইনী সন্দেহত ৫ গৰাকী লোকক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে । ঘটনাটো চুকমাৰ এটকল গাঁৱত সংঘটিত হৈছে । তথ্য লাভ কৰা লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা উদ্ধাৰ কৰে । ইতিমধ্যে আটাইকেইটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । এই হত্যাকাণ্ডৰ গোচৰত জড়িত ৫ জন অভিযুক্তক গাঁওখনৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে । হত্যাৰ পিচত অভিযুক্তকেইজন গাঁওখনতে আছিল । অধিক তদন্ত অব্যাহত আছে ।”
লগতে পঢ়ক : Arunachali liquor seized in Sonitpur : শোণিতপুৰত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা