Local, Vocal, Global

Shahjahanpur Road Accident: মৰ্মান্তিক দুৰ্ঘটনা;নিহত একেটা পৰিয়ালৰ ৫জন সদস্যৰ,আহত ৫জন

নেশ্যনেল ডেস্ক,১৯ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ শ্বাহজাহাপুৰৰ মদনাপুৰ এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা(Shahjahanpur Road Accident)।

বুধবাৰে নিশা এটা পৰিয়াল বাহনেৰে গৈ থকাৰ সময়ত বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । ফলত একেটা পৰিয়ালৰ ৫জন সদস্যৰ মৃত্যু হয়।
দুৰ্ঘটনাটোত দুই শিশুসহ ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন আহত হোৱাৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা তিনিজনক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনা অনুসৰি বুধবাৰে নিশা প্ৰায় ৯ বজাত আমনা বেগম (৩৮), কন্যা গুডিয়া (৬), খুশী (১০), আৰু পুত্ৰ সুভান (৭)ৰ সৈতে গাড়ীৰে দিল্লীলৈ ৰাওনা হয় তাত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ।ইটা জিলাৰ আন এটা পৰিয়ালৰ তিনিজন সদস্যইও একেখন গাড়ীতে তেওঁলোকৰ লগত গৈছিল।নিশা প্ৰায় ১০ বজাত মদনাপুৰ অঞ্চলৰ বৰখেদা জয়পাল গাঁৱৰ সমীপত হঠাতে পথত এটা জন্তু দেখা দিয়ে। জন্তুটোক বচাবলৈ চেষ্টা কৰি থাকোঁতে চালকে ষ্টিয়াৰিং ঘূৰাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ লগত খুন্দা মাৰে।সংঘৰ্ষ ইমানেই ভয়াৱহ যে গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়(Five dead, five injured in truck-car collision in Shahjahanpur)।

পথচাৰী এই ভয়ংকৰ দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে ঘটনাস্থলীত উপস্থিত হয় আহতসকলক উদ্ধাৰ কৰি মদনাপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে(5 Killed, 5 Injured in Truck-car Collision UP’s Shahjahanpur)।

চিকিৎসালত চিকিৎসাকে ৰিয়াছাত, আমনা বেগম, গুডিয়া, অনুন্নু, আৰু তাইৰ কন্যা নূৰক মৃত বুলি ঘোষণা কৰিলে।আনহাতে আহতসকলৰ চিকিৎসা চলি আছে যদিও তেওঁলোকৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক :One killed in wild Elephant attack in Nalbari:নলবাৰীত বন্যহস্তীৰ গচকত মৃত্যু এজনৰ