Local, Vocal, Global

Five cow thieves detained:চতিয়াত পাঁচটাকৈ গভাইত গৰু চোৰ আটক

চতিয়া,১০ডিচেম্বৰ:চতিয়াত পাঁচটাকৈ গভাইত গৰু চোৰ আটক।

চতিয়া আৰক্ষীৰ সফলতা।সোমবাৰে নিশা চতিয়া আৰক্ষীয়ে আটক কৰিছে পাঁচটাকৈ গভাইত গৰু চোৰক।

এক বিশেষ সূত্ৰৰ ভিত্তিত এখন চুইফট ডিজেয়াৰ বাহনত গৰু সৰবৰাহৰ খবৰ লাভ কৰি চতিয়া আৰক্ষীয়ে চতিয়াৰ চমাৰদলনিত গাওঁৰক্ষীৰ সহযোগত অভিযান চলাই কৰায়ত্ব কৰে চোৰ কেইটাত ।চতিয়া আৰক্ষীয়ে আটক কৰা চোৰ কেইটাৰ নাম ক্ৰমে ছফিকুল ইছলাম,ইদিল হুছেইন,আচিকুৰ ৰহমান,চাদ্দাম হুছেইন আৰু বাচিৰ আলি।ইয়াৰে তিনিটা গৰুচোৰৰ ঘৰ নগাঁও জিলাত। দুটাৰ ঘৰ বিশ্বনাথ চাৰিআলিত(Five cow thieves detained)।

লগতে আৰক্ষীয়ে জব্দ কৰে এখন চুইফট ডিজেয়াৰ বাহন । আৰক্ষীয়ে জব্দ কৰা বাহনখন নম্বৰ হ’ল AS -31A – 4373।

চতিয়া আৰক্ষীয়ে ইতিমধ্যে ধৃত গৰুচোৰ পাঁচটাক জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক :Mangaldai News:প্ৰসূতিৰ মৃত্যু;মঙলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি