Fisherman found dead in Brahmaputra river : নদী এলেকাত চিপ লৈ উলমি থকা অৱস্থাত মাছমৰীয়াৰ মৃতদেহ

নিউজ ডেস্ক,২১অক্টোবৰ : নদী এলেকাত চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ।
বাহাদুৰটাৰীত সংঘটিত হৈছে অঘটন। দেওবাৰে পুৱা বাহাদুৰটাৰীৰ নদী এলেকাত চিপ লোৱা অৱস্থাত উদ্ধাৰ মাছমৰীয়াৰ মৃতদেহ( Fisherman found dead in Brahmaputra river)।
শনিবাৰে নিশা ব্ৰহ্মপুত্ৰৰ কাষৰ নদী এলেকাত বাঁহৰ খুটা পুতি কোনোবাই হত্যা কৰি মৃতদেহটো ওলোমাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃতদেহটো ধুবুৰীৰ বাহাদুৰটাৰীৰ বলোৰাম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজে ধুবুৰী আৰক্ষীক খবৰ কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয় লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা হোৱা নাই এয়া হত্যা নে আত্মাহত্য়া ।
আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা( Fisherman found dead in Brahmaputra river, investigation underway)।