Local, Vocal, Global

Firing in Delhi Tis Hazari Court : দিল্লীৰ তিছ হাজাৰী আদালতত গুলীচালনাৰ কাণ্ড

নেশ্যনেল ডেস্ক, ৫ জুলাই : বুধবাৰে দেশৰ ৰাজধানী দিল্লীৰ তিছ হাজাৰী আদালতৰ চৌহদত গুলীচালনাৰ ঘটনা সংঘটিত হয়(Firing in Delhi Tis Hazari Court) । দিনৰ প্ৰায় ১:৩৫ বজাত চুব্জী মাণ্ডী থানা এলেকাৰ দিল্লীৰ তিছ হাজাৰী আদালতত এই ঘটনা সংঘটিত হয়(Tis Hazari Court) ।

ঘটনা সন্দৰ্ভত বিষয়াসকলে জনোৱা অনুসৰি দুই দলৰ অধিবক্তাৰ মাজত হোৱা তীব্ৰ কাজিয়াৰ বাবেই এই গুলীচালনাৰ কাণ্ড সংঘটিত হৈছে(Firing in Delhi Tis Hazari Court) । দুই দলৰ অধিবক্তাৰ মাজত হোৱা কাজিয়াৰ বাবে বিষয়ববীয়াকে ধৰি দুটা ভিন্ন অধিবক্তাই শূন্যলৈ গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে(Firing incident occurs in Delhi’s Tis Hazari Court) ।

উল্লেখ্য যে এই ঘটনাৰ ফলত কোনো লোক হতাহতিৰ হোৱা নাই বুলি জানিব পৰা ,গৈছে । পৰিস্থিতিৰ সন্দৰ্ভত আইনী তদন্ত চলি আছে আনহাতে সেই স্থানলৈ অপৰাধমূলক দল প্ৰেৰণ কৰা হৈছে বুলি বিষয়াসকলে জনায় ।

লগতে বিষয়াই কয় যে এই বিষয়ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু অপৰাধৰ দল এটাও সেই স্থানত উপস্থিত হৈছে । তিছ হাজাৰী আদালত চৌহদত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক গৰিহণা দিয়ে । আৰু দিল্লীৰ বাৰ কাউন্সিলৰ অধ্যক্ষ কে কে মননে ঘোষণা কৰে যে বন্দুকৰ অনুজ্ঞাপত্ৰ আছিল নে নাই সেইটো নিৰ্ণয় কৰিবলৈ পুংখানুপুংখ তদন্ত কৰা হ’ব ।

বাৰ কাউন্সিলে কয় যে, “এই বিষয়টোৰ বিশদ তদন্ত কৰা হ’ব। অস্ত্ৰ-শস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছিল নে নাই সেই বিষয়ে সোধা-পোছা কৰা হ’ব। অস্ত্ৰ-শস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছিল যদিও কোনো অধিবক্তা অথবা আন কোনোৱে আদালতৰ চৌহদৰ ভিতৰত বা আশে-পাশে এনেদৰে ঘটনা সংঘটিত কৰিব নোৱাৰে।”

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত দিল্লীৰ চাকেত আদালৰ চৌহদত গুলীচালনা কৰাৰ পিছত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই কামেশ্বৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে । দিল্লীৰ চাকেত আদালতত সংঘটিত গুলীচালনাৰ ঘটনাত ভুক্তভোগীগৰাকীৰ অধিবক্তাজনে দাবী কৰিছিল যে তেওঁৰ মক্কেলে অভিযুক্তজনৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছিল , যিয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰা সুৰক্ষা আদেশ প্ৰদান কৰা স্বত্বেও চৌহদত গুলীচালনা কৰিছিল।

লগতে পঢ়ক : Man detained at Delhi airport: সজীৱ গুলি সৰবৰাহৰ অপৰাধত দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ এজন লোক