Local, Vocal, Global

Firing in Nagaon: নগাঁৱত চাঞ্চল্যকৰ গুলীচালনা, দুৰ্বৃত্তৰ গুলীত আহত ঔষধ বিপণিৰ স্বত্বাধিকাৰী

নগাঁও, ২৭জুন : ৰাজ্যত পুনৰ গুলীচলনা ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি , সোমবাৰে নিশা নগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ।দুৰ্বৃত্তৰ গুলীচালনা ঔষধী কেন্দ্ৰৰ স্বত্বাধিকাৰীক।জানিব পৰা মতে,সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় গুলীচালনাৰ ঘটনাটো।নিশা নিজৰ ‘জন ঔষধী কেন্দ্ৰ’ৰ তলা বন্ধ কৰাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Firing in Nagaon)।

তথ্য় অনুসৰি,সোমবাৰে নিশা নগাঁৱৰ সোনাইঘাট চলচলীৰ জন ঔষধী কেন্দ্ৰৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান নামৰ ব্যক্তিজনে নিজৰ ঔষধী কেন্দ্ৰ বন্ধ কৰাৰ সময়তে এখন ৰঙা পালছাৰৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ এটা দলে তেওঁক গুলীচালনা কৰে। পিঠিত গুলী লাগে হাফিজুৰৰ আৰু দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হয় ‘জন ঔষধী কেন্দ্ৰ’ৰ কেন্দ্ৰৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান।লগে লগে সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ। পিঠিত গুলীবিদ্ধ হাফিজুৰক জন ঔষধী কেন্দ্ৰৰ কৰ্মচাৰীৰ লগতে স্থানীয় লোকে উদ্ধাৰ কৰি প্ৰথমে নগাঁৱৰ ধিং গেইটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰায় যদিও পৰৱৰ্তী সময়ত গুলীবিদ্ধ হাফিজুৰ অৱস্থা কিছু সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়(Firing in Nagaon) ।

জানিব পৰা মতে, গুলীচালনাৰ ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা দুৰ্বৃত্তই পলায়ন কৰে যদিও আহত হাফিজুৰ ৰহমানে দুৰ্বৃত্ত চিনাক্ত কৰা বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত হোৱাৰ পিচতেই ঘটনাস্থলীত উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই আৰু তদন্ত আৰম্ভ কৰে9Firing Incident in Nagaon) ৷

প্ৰাপ্ত তথ্য অনুসৰি,তিনি অভিয়ুক্তই হাফিজুৰ পৰা এখন ইনষ্টিটিউটৰ পৰা চাৰ্টিফিকেট দিয়াৰ নামত তিনি লাখ টকা লৈছিল। কিন্তু ইনষ্টিটিউটখন ভুৱা বুলি জানি হাফিজুৰে টকা ঘূৰাই বিচাৰিছিল ।সেইবাবে এই ঘটনা সংঘটিত কৰা সন্দেহ কৰা হৈছে।

লগতে পঢ়ক : Irrigation project collapsed : তাচপাতৰ দৰে খহিল চিৰাঙৰ ২কোটি টকীয়া জলসিঞ্চন বিভাগৰ প্ৰকাণ্ড শ্লুইচ গেট