Firing incident in Lucknow court: আদালত চৌহদৰ ভিতৰতে গেংষ্টাৰ সঞ্জীৱ জীৱাক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক, ৭ জুন: শুনানিৰ বাবে অনাৰ সময়তে লক্ষ্ণৌৰ দেৱানী আদালত চৌহদৰ ভিতৰত হোৱা গুলীচালনাত গুলীবিদ্ধ গেংষ্টাৰ সঞ্জীৱ জীৱাৰ মৃত্যু হোৱা বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে নিশ্চিত কৰিছে (Gangster Sanjeev Jeev shot dead)।
লক্ষ্ণৌৰ উপ-আৰক্ষী আয়ুক্ত (Deputy Commissioner of Police) ৰাহুল ৰাজে কয়, “শুনানিৰ বাবে অনাৰ সময়তে আদালত চৌহদত আততায়ীয়ে সঞ্জীৱ জীৱাক গুলীয়াই হত্যা কৰে (Firing incident in Lucknow court)। এই ঘটনাত আমাৰ দুজন কনিষ্টবলো আঘাতপ্ৰাপ্ত হৈছে যদিও তেওলোক বৰ্তমান বিপদমুক্ত । বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে। মোক জানিব দিয়া অনুসৰি, ইতিমধ্যে আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে (Assailant arrested)।”

ইফালে গুলীচালনাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত লক্ষ্ণৌ দেৱানী আদালতৰ বাহিৰত অধিবক্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰে (Protest outside Lucknow Civil Court)।
ঘটনা প্ৰসংগত লক্ষ্ণৌৰ আইন-শৃংখলাৰ দ্বায়িত্বত থকা যুটীয়া আৰক্ষী আয়ুক্ত উপেন্দ্ৰ কুমাৰ আগৰৱালে কয় যে, এই ঘটনাত এটি শিশুও আহত হয় আৰু তেওঁক ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে।
যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, “সঞ্জীৱ জীৱা নামৰ এটা অপৰাধীক আজি আদালত টৌহদত গুলীয়াই হত্যা কৰা হয়। এই ঘটনাত আদালতলৈ এস্কৰ্ট কৰি নি থকা আৰক্ষীৰ জোৱান দুজনো আঘাতপ্ৰাপ্ত হৈছে । তাৰোপৰি এটি শিশুও আহত হয় আৰু তেওঁক ট্ৰমা চেণ্টাৰত ভৰ্তি কৰা হৈছে।”
উল্লেখ্য যে, বিজেপি নেতা ব্ৰহ্ম দত্তৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত গেংষ্টাৰজনক শুনানিৰ বাবে আদালতত হাজিৰ কৰাৰ বাহে অনা হৈছিল ।
সহকাৰী আৰক্ষী আয়ুক্ত সুনীল কুমাৰ মিশ্ৰাই কয়, “ঘটনাটোৰ খবৰ পোৱাৰ পিছতে উপ-আৰক্ষী আয়ুক্ত (পশ্চিম) আৰু উপ-আৰক্ষী আয়ুক্ত (চেণ্ট্ৰেল) আদালত চৌহদত উপস্থিত হৈ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।”
লগতে পঢ়ক : Delhi Crime: চন্দুকত উদ্ধাৰ দুটি শিশুৰ মৃতদেহ