Local, Vocal, Global

Firing incident in Dibrugarh :পত্নীৰ সৈতে কাজিয়া কৰি থানালৈ গৈ চৰম পন্থাৰ লোৱাৰ চেষ্টা আৰক্ষীৰ

নিউজ ডেস্ক,৩১আগষ্ট : ঘৰত পত্নীৰ সৈতে কাজিয়া কৰি থানালৈ গৈ চৰম পন্থাৰ লোৱাৰ চেষ্টা আৰক্ষীৰ । বাধা দিবলৈ গৈ গুলীবিদ্ধ থানাৰ IC ।

ডিব্ৰুগড়ৰ বগীবিলৰ সমীপত সংঘটিত হৈছে চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ IC। গুলীবিদ্ধ আৰক্ষী বিষয়াজনৰ নাম তীৰ্থ চেত্ৰী।

এগৰাকী কনিষ্টবলে চূড়ান্ত সিদ্ধান্ত লোৱাৰ চেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে। কনিষ্টবলজনক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে ICজন গুলীবিদ্ধ হোৱা বুলি জানিব পৰা গৈছে। প্ৰাঞ্জল বৰা নামৰ কনিষ্টবলজনক উদ্ধাৰ বাবে গৈছিল ICজন(Firing incident in Dibrugarh)।

জানিব পৰা মতে, কনিষ্টবল প্ৰাঞ্জলৰ দ্বিতীয় পত্নীৰ সৈতে হৈছিল কাজিয়া। ঘৰত পত্নীক কুঠাৰেৰে প্ৰহাৰ কৰিছিল প্ৰাঞ্জলে। তাৰ পিছত থানালৈ আহি চৰম পন্থা লোৱাৰ চেষ্টা চলাইছিল তেওঁ। সতীৰ্থৰ পৰা অস্ত্ৰ কাঢ়ি গুলীচালনা কৰে কনিষ্টবলজনে। আই চিয়ে বাধা প্ৰদান কৰাত প্ৰথমটো গুলী থানাৰ টিনত লাগে। দ্বিতীয়টো গুলী ফুটাওতেই লাগিল ICৰ হাতত। ফলত আঘাতপ্ৰাপ্ত হয় আই চি তীৰ্থ চেত্ৰী।

লগতে পঢ়ক : Firing incident in Dibrugarh : ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা; ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ IC