Local, Vocal, Global

Firing incident in Dibrugarh : ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা; ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ IC

নিউজ ডেস্ক,৩১আগষ্ট : ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা। ডিব্ৰুগড়ৰ বগীবিলৰ সমীপত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ IC। গুলীবিদ্ধ আৰক্ষী বিষয়াজনৰ নাম তীৰ্থ চেত্ৰী বুলি জানিব পৰা গৈছে(Firing incident in Dibrugarh)।

এগৰাকী কনিষ্টবলে চূড়ান্ত সিদ্ধান্ত লোৱাৰ চেষ্টা চলোৱাৰ সন্দেহ। কনিষ্টবলজনক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে ICজন গুলীবিদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে। প্ৰাঞ্জল বৰা নামৰ কনিষ্টবলজনক উদ্ধাৰ বাবে গৈছিল ICজন।

জানিব পৰা মতে, কনিষ্টবল প্ৰাঞ্জলৰ ২য় পত্নীৰ সৈতে হৈছিল কাজিয়া। ঘৰত পত্নীক কুঠাৰেৰে প্ৰহাৰ কৰিছিল প্ৰাঞ্জলে। তাৰ পিছত থানালৈ আহি চৰম পন্থা লোৱাৰ চেষ্টা চলাইছিল প্ৰাঞ্জলে। প্ৰহৰীৰ পৰা অস্ত্ৰ কাঢ়ি নিওতেই গুলীচালনা। প্ৰথমটো গুলী থানাৰ টিনত লাগিছিল। দ্বিতীয়টো গুলী ফুটাওতেই লাগিল ICৰ হাতত। ফলত আঘাতপ্ৰাপ্ত হয় আই চি তীৰ্থ চেত্ৰী(Firing incident in Dibrugarh)।

লগতে পঢ়ক : Uttarakhand Chopper Crash: কেদাৰনাথত আকাশৰ পৰা নদীত সৰি পৰিল হেলিকপ্টাৰ