Firing incident in Bilasipara: ৰাণীগঞ্জত গুলীচালনা ঘটনাৰ লগত জড়িত এজন দুৰ্বৃত্তৰ আত্মসমৰ্পন
চাপৰ,১৮ফেব্ৰুৱাৰী : বিলাসীপাৰা ৰাণীগঞ্জত গুলীচালনা ঘটনাৰ লগত জড়িত এজন দুৰ্বৃত্তৰ আত্মসমৰ্পন। শালকোচা আৰক্ষী চকীত আত্মসমৰ্পন দুৰ্বৃত্তৰ। আত্মসমৰ্পন কৰা দুৰ্বৃত্তটো গোৱালপাৰা জিলাৰ মফিদুল ইছলাম(Firing incident in Bilasipara)।
উল্লেখ্য যে, যোৱা নবেম্বৰ মাহত বিলাসীপাৰাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ সমীপত নিশা এটা CSP চেণ্টাৰত লক্ষ্য কৰি গুলীচালনা কৰিছিল।উক্ত গুলীচালনাৰ ঘটনাত গুলিবিদ্ধ হৈছিল গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বাত্বাধিকাৰী ওবাইদুৰ ৰহমান,ডাক বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰতন বৰ্মন আৰু আব্দুল গফুৰ। পিছত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু সাপটগ্ৰাম আৰক্ষীয়ে যৌথভাবে অভিযান চলাই কোকৰাঝাৰ জিলাৰ ৰূপচীৰ এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু পলাতক হৈ আছিল মফিদুল ইছলাম।
অৱশেষত পলাতক মফিদুল ইছলাম নিশা শালকোচা আৰক্ষী চকীত আত্মসমৰ্পন কৰে।