Local, Vocal, Global

Firing incident happens in Bilasipara:বিলাসীপাৰাৰ ৰাণীগঞ্জত গুলীচালনা ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ

বিলাসীপাৰা,৩ডিচেম্বৰ : বিলাসীপাৰাৰ ৰাণীগঞ্জত গুলীচালনা ঘটনাৰ লগত জড়িত এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ। বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু সাপটগ্ৰাম আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে দুৰ্বৃত্তটোক।

গ্ৰেপ্তাৰ কৰি দুৰ্বৃত্তটোক ৰাণীগঞ্জ বজাৰত মুখত হেলমেট পৰিধান কৰাই পুতলা সজাই (CRIME ) চিনৰ DEMO প্ৰদৰ্শন কৰে।গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্তটো কোকৰাঝাৰ জিলাৰ ৰূপচীৰ বুলি জানিব পৰা গৈছে।তদন্তৰ খাতিৰত নাম ঠিকনা প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

উল্লেখ্য যে,চলিত বৰ্ষৰ ২৬ নৱেম্বৰত ধুবুৰীৰ বিলাসীপাৰাৰ ৰাণীগঞ্জ অঞ্চলত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল। এখন মটৰ চাইকেলত অহা তিনিজনকৈ যুৱকে সংঘটিত কৰিছিল গুলীচালনা। পিষ্টলেৰে গুলীচালনা কৰাৰ ফলত গুলীবিদ্ধ হয় দুজনকৈ যুৱক।

ইয়াৰে ভিতৰত এজন SBIৰ CSPৰ স্বত্বাধিকাৰী আৰু আনজন পোষ্ট অফিচৰ কালেক্টৰ। ৰাণীগঞ্জ অঞ্চলৰ SBIৰ CSP কেন্দ্ৰত দুই যুৱক বহি থকা অৱস্থাতেই মটৰ চাইকেলত অহা তিনি যুৱকৰ ভিতৰত দুজন যুৱকে শূন্য দূৰত্বৰ পৰা কেইবা ৰাউণ্ড গুলীচালনা কৰে(Firing incident happens in Dhubri)।

SBIৰ CSPৰ স্বত্বাধিকাৰী অবাইদুৰ ৰহমান প্ৰধানীৰ পেট আৰু ভৰিত গুলী লগাৰ বিপৰীতে পোষ্ট অফিচৰ কালেক্টৰ ৰতন ৰায় বুকুত গুলীবিদ্ধ হয়। লগে লগে হুৱাদুৱাময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।

গুলীচালনা কৰিয়েই তিনি যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। হেলমেট পৰিহিত আছিল অস্ত্ৰধাৰী তিনি যুৱক। লগে লগে এম্বুলেন্সৰ জৰিয়তে গুলীবিদ্ধ দুই যুৱকক কোকৰাঝাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে দুয়োকে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Dhakuakhona jahangir hussains murder case :ঢকুৱাখনাৰ শিঙিয়া দলঙৰ তলত পুখুৰীত উদ্ধাৰ হোৱা ছিন্নমুণ্ড কাৰ?